Site icon Guwahati Times

অসমত মাওবাদ শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল কাঞ্চন দাই

 দীৰ্ঘদিন ধৰি ৰাজ্যত বাহৰ পাতি থকা দুধৰ্ষ মাওবাদী কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষ ওৰফে কনক(৭২) অসম শেহতীয়াকৈ আৰক্ষীৰ জালত পৰে। আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য মতে, ধৃত দুধৰ্ষ কেদাৰ মাওবাদীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্যই ২০১৯ চনৰ পৰা বৰাক উপত্যকাত বাহৰ পাতি অসমত মাওবাদীক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছিল।

সশস্ত্ৰ সংগ্ৰাম এৰি মূলসুঁতিলৈ উভতি অহা একাংশ যুৱকক মাওবাদৰ প্ৰতি আকৰ্ষিত কৰি ৰাজ্যৰ লগতে উত্তৰ-পূৱত মাওবাদ শক্তিশালী কৰাৰ লক্ষ্য কৰিছিল তেওঁ বুলি সূত্ৰটোৱে প্ৰকাশ কৰে । উল্লেখ্য যে দেওবাৰে সন্ধিয়া কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিছাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাওবাদী দুধৰ্ষ কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য সহ আকাশ ওৰাঙক ।

Exit mobile version