প্রাদেশিকীকৰণ হ’ব ২০ হাজাৰ শিক্ষক পদ: ড০ শর্মা

0 min read

কৃতী ছাত্রীসকলে স্কুটী লাভ কৰাৰ দৰে অহা বছৰৰ পৰা কৃতী ছাত্রসকলৰ ক্ষেত্রতো চৰকাৰে চিন্তা কৰিব৷ –কালি বাগ্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাংগণত মুছলপুৰত প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত অনুষ্ঠিত বাণীকান্ত কাকতি মেধা বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিত্ত আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷

কালি নতুন বছৰৰ দ্বিতীয় দিনটোত বাক্সাত ৫৪১গৰাকী কৃতী ছাত্রীক স্কুটী প্রদান কৰা হয়৷ আনহাতে, স্নাতকোত্তৰ শ্রেণীত পঢ়িব খোজা ছাত্রীক ১,৫০০ টকাকৈ প্রদান কৰাৰ লগতে তামুলপুৰত নতুন মেডিকেল কলেজ আৰু পাগলাদিয়া নৈত দলং নির্মাণ কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷

ভাষণত তেওঁ হিন্দুু ধর্মত মহিলাৰ সন্মানৰ বিষয়ে উল্লেখ আছে৷ সেয়েহে উপার্জন কৰিবলৈ হ’লে লক্ষ্মীক পূজা কৰিব লাগে আৰু পঢ়িবলৈ হ’লেও সৰস্বতীক পূজা কৰিব লাগে৷ সেয়ে সনাতন ধর্মত মহিলাক পূজা কৰাৰ দৰে ছাত্রীসকলক স্কুটী দিয়াৰ কথা ভবা হৈছে৷ আনহাতে, বাঘবৰ, জনিয়া আদিৰ মহিলাসকলে শিক্ষাৰ অভাৱত কম বয়সতে বিয়া হৈ দুই–তিনিটা সন্তানৰ মাতৃ হোৱাৰ দৰে পৰিৱেশ হ’ব নালাগে বুলি মন্ত্রীগৰাকীয়ে কয়৷

অহা চাৰি বছৰৰ ভিতৰত নাৰীৰ প্রতি থকা দৃষ্টিভংগী সলনি হ’ব বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে কয় যে চৰ অঞ্চলতো কম বয়সত বিয়া দিয়া পদ্ধতি সলনি হ’ব লাগিব৷ যোৱা মাহত অৰুণোদয় আঁচনিৰ অধীনত ১৮ লাখ লোকে ৮৩০ টকাকৈ লাভ কৰাৰ পাছত বিটিচি এতিয়া এটা নতুন সম্ভাৱনাৰ দিশলৈ যাব বুলি মন্তব্য কৰি তেওঁ কয় যে ঐতিহাসিক বি টি আৰ চুক্তিৰ পাছত সকলো জাতি–জনগোষ্ঠীয়ে মিলি বিটিচিত কোনো ধৰণৰ হিংসা নোহোৱাকৈ নির্বাচন সম্পন্ন হয়৷

বিটিচিৰ লোকে আমাৰ সমাজত আদর্শ দাঙি ধৰিছে৷ বিগত সময়ছোৱাত বিটিচিত পৃথক বড়োলেণ্ডৰ দাবীৰ বাবে সকলো কাম কৰিব পৰা হোৱা নাছিল৷ সকলো জাতিৰ মাজত সমন্বয় সৃষ্টি হোৱা নাছিল৷ এনৰেগা আঁচনিয়ে জনতাক স্পর্শ কৰিব পৰা নাছিল৷ জবকার্ড হিতাধিকাৰীৰ লগত নাছিল৷ এতিয়া বিটিচিলৈ পৰিৱর্তন আহিছে৷ প্রমোদ বডোৰ নেতৃত্বত গঠিত পৰিষদীয় চৰকাৰ সকলো জাতি–জনগোষ্ঠীৰ মিলা–প্রীতিৰে গঠন হৈছে৷

বিটিচিত যিবোৰ ডাঙৰ ডাঙৰ প্রকল্প বিটিচিয়ে বহন কৰিব নোৱাৰে, সেইবিলাক আমি কৰিব লাগিব৷ স্কুটী লাভ কৰা ছাত্রীসকলক বিনামূলীয়া অনজ্ঞা–পত্র দিবলৈ তেওঁ ডি টি অ’ক অনুৰোধ জনায়৷ ইয়াৰ পূর্বে উপায়ুক্ত ৰঞ্জন শর্মাই উদ্বোধনী ভাষণত স্কুটী লাভ কৰিবলগীয়া ছাত্রীসকলক জীৱনত আৰু উন্নতিৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়৷ এই অনুষ্ঠানত সাংসদ দিলীপ কুমাৰ শইকীয়া, নৱ কুমাৰ শৰণীয়া, বিধায়কদ্বয় ইমানুৱেল মুছাহাৰী, থানেশ্বৰ বসুমতাৰী, বিটিচিৰ কৃষি বিভাগৰ কার্যবাহী সদস্য ঘনশ্যাম দাস আদি উপস্থিত থাকে৷

ফেব্রুৱাৰীত প্রাদেশিকীকৰণ কৰা হ’ব ২০ হাজাৰ শিক্ষকৰ পদ

অহা ফেব্রুৱাৰী মাহৰ ভিতৰতে ২০ হাজাৰ শিক্ষকৰ পদ প্রাদেশিকীকৰণ কৰা হ’ব৷ কালি মুছলপুৰত এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, অহা ২০ ফেব্রুৱাৰীৰ পূর্বেই বিদ্যালয় প্রাদেশিকীকৰণৰ লগতে ১৫ হাজাৰ–২০ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ’ব৷

You May Also Like

More From Author