সামাজিক মাধ্যমৰ পৰা বিৰত থাকিলে আপোনাৰ কি উপকাৰ হ’ব পাৰে ? এক অধ্যয়নত শেহতীয়াকৈ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । বাথ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এক সপ্তাহৰ বাবে সামাজিক মাধ্যমৰ পৰা বিৰত থাকিলে মানসিক স্বাস্থ্যত কেনে প্ৰভাৱ পৰে তাক লৈ অধ্যয়ন কৰিছিল।
অধ্যয়নটোত অংশগ্ৰহণকাৰীসকলক সপ্তাহৰ প্ৰায় ৯ ঘণ্টা সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰা আঁতৰাই ৰখা হৈছিল । অন্যথা তেওঁলোকে সেই সময়খিনি ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ আৰু টিকটক স্ক্ৰল কৰাত ব্যস্ত থাকিলহেঁতেন । অধ্যয়নটোৰ বাবে গৱেষকসকলে ১৮ ৰ পৰা ৭২ বছৰ বয়সৰ ১৫৪ গৰাকী ব্যক্তিক লৈছিল যিসকলে প্ৰতিদিনে সামাজিক মাধ্যম ব্যৱহাৰ কৰিছিল । তেওঁলোকক এক সপ্তাহৰ বাবে সকলো সামাজিক মাধ্যমৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কোৱা হৈছিল ।
তেওঁলোকক স্বাভাৱিক স্ক্ৰল কৰিবলৈ কোৱা হৈছিল । অধ্যয়নটোৰ আৰম্ভণিতে উদ্বেগ, হতাশা আৰু সুস্থতাৰ ওপৰত অংশগ্ৰহণকাৰীসকলৰ বেচলাইন নম্বৰ লোৱা হৈছিল । অংশগ্ৰহণকাৰীসকলে অধ্যয়নটোৰ আৰম্ভণিতে সামাজিক মাধ্যমত প্ৰতি সপ্তাহত গড়ে ৮ ঘণ্টা সময় অতিবাহিত কৰাৰ কথা কৈছিল । এসপ্তাহ পাছত তেওঁলোকক পৰৱৰ্তী এক সপ্তাহ সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰা বিৰতি থাকিবলৈ কোৱা হৈছিল ।
পাছত দেখা গৈছিল যে অংশগ্ৰহণকাৰীসকলৰ সুস্থতা, হতাশা আৰু উদ্বেগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উন্নতি হৈছিল । অংশগ্ৰহণকাৰীসকলক গড়ে ৭ ঘণ্টাৰ পৰিৱৰ্তে গড়ে ২১ মিনিটৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল । ব্যক্তিসকলে এই আহ্বান মানি চলিছে নে নাই নিৰীক্ষণ কৰা হৈছিল ।
বাথৰ স্বাস্থ্য বিভাগৰ মুখ্য গৱেষক ডাঃ জেফ লেম্বাৰ্টে এইদৰে বৰ্ণনা কৰিছে যে সামাজিক মাধ্যম ইমানে ব্যৱহাৰ হয় যে আমি পুৱা সাৰ পোৱাৰ পৰা আকৌ ৰাতি টোপনি যোৱালৈ কোনো চিন্তা নকৰাকৈয়ে ইয়াৰ ব্যৱহাৰ কৰোঁ । সামাজিক মাধ্যমৰ ব্যৱহাৰ যথেষ্ট বহল আৰু ইয়াৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱৰ বিষয়ে উদ্বেগ বৃদ্ধি পাই আহিছে । সেয়েহে এই অধ্যয়নৰ জৰিয়তে এক সপ্তাহত ইয়াক ব্যৱহাৰ নকৰিলে মানসিক স্বাস্থ্য উন্নতি হয় নে চাবলৈ তেওঁলোকে এই অধ্যয়নটো কৰা বুলি তেওঁ উল্লেখ কৰে ।