যদিহে প্ৰত্যেক দিন নিজৰ কৰ্ম ব্যস্ততাৰ বাবে গীতা পাঠ কৰাৰ সময় নাথাকে তেনেহলে দিনটোৰ আৰম্ভণিতে গীতাত কোৱা দুটা কথা অৱশ্যেই মনত পেলাওক। যদিহে এই দুটা কথা স্মৰণ কৰি মানুহে নিজৰ দিনটো আৰম্ভণি কৰে তেন্তে ভগৱান ৰ কৃপাত মানুহৰ সকলো দুখ, কষ্ট আৰু অমংগল নাশ হৈ পৰিব, দিনটোৰ সকলো কৰ্মত উৎসাহে ভৰি পৰিব। গীতা হৈছে ভগৱানৰ বাণী ; শাস্ত্ৰত উল্লেখ আছে যে কোনোবাই যদি খুব আন্তৰিকতাৰে – গুৰুত্ব সহকাৰে ভগৱত গীতা পাঠ কৰে তেনেহলে তেওঁৰ অতীতৰ সমস্ত পাপ কৰ্মৰ ফলে তেওঁক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। কিন্তু যদিহে মানুহে প্ৰত্যেক দিন কৰ্মব্যস্ততাৰ বাবে নিয়মিত গীতা পঢ়িবলৈ সময় উলিয়াব নোৱাৰে তেতিয়া মানুহে কি কৰিব ? তাৰ উত্তৰো গীতাতে উল্লেখ আছে যে মানুহে কোনো কাৰণত সদায় গীতা পাঠ কৰিব নোৱাৰিলেও গীতাত কোৱা কেইটামান কথা সদায় নিজৰ জ্ঞানত ৰাখি থোৱা প্ৰয়োজন, আৰু প্ৰত্যেকদিন টোপনিৰ পৰা উঠি এই কথাসমূহ স্মৰণ কৰিহে অইন কামত হাত দিয়া দৰকাৰী যাতে সমগ্ৰ দিনৰ সময়বোৰ ভালদৰে পাৰ হৈ যায়।
শাস্ত্ৰত উল্লেখ আছে , ” ভগৱত গীতাৰ বাণী সমূহ যথাযথ ভাৱে মানি চলিব পাৰিলে আৰু অনুসৰণ কৰিব পাৰিলে সমস্ত ভয় আৰু উদ্বেগ ৰ পৰা মুক্তি লাভ কৰিব পাৰি ; এই জীৱনত ভয় আৰু শোক দুখ বৰ্জিত হৈ পৰৱৰ্তী জীৱনত চিন্মই স্বৰূপ অর্জন কৰিব পাৰি”। শাস্ত্ৰত আৰু কৈছে, ” প্ৰতিদিনে মানুহে জ্বলস্নান কৰি যেনেদৰে দেহৰ মল দূৰ কৰিব পাৰে, ঠিক তেনেদৰে কোনোবাই যদি ভগৱত গীতাৰ গঙ্গাজলত দিনটোত এবাৰো স্নান কৰে তেতিয়া জৰ্ জীৱনৰ মলীনতা একেবাৰে বিনষ্ট হৈ পৰে”। সেয়ে সম্ভৱ হ’লে নিয়মীয়া গীতা পাঠ কৰিব লাগে আৰু যদি একেবাৰে সম্ভৱ নহয় তেনেহলে গীতাত কোৱা দুটি কথা হলেও সদায় স্মৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব।
প্ৰথম কথা হৈছে আপুনি শ্ৰীমদ্ভাগৱত গীতা প্ৰত্যেক দিনাই পঢ়ক বা নপঢ়ক কিন্তু সদায় এখন গীতা নিজ গৃহত ৰাখিবলৈ কুণ্ঠাবোধ নকৰিব, সেয়া শ্লোক আকাৰত লিখা গীতা হওঁক বা শ্লোকৰ লগতে অৰ্থ সহিত গীতা গ্ৰন্থ হ’ব পাৰে। আৰু কৰাবলৈ কেইদিনমান মানৰ বাবে গলেও সেই গীতা গ্ৰন্থ নিজৰ বেগত লৈ যাওঁক । লগতে টোপনিৰ পৰা উঠি কোনো কাম আৰম্ভ কৰাৰ আগতে এই গীতা গ্ৰন্থ খনক প্ৰণাম কৰি নিজৰ কাম কাজ আৰম্ভণি কৰক , মাত্ৰ প্ৰণাম কৰাৰ সময়ত ভগৱানক উদ্দেশ্য কৰি কব, ” ঔম নমঃ ভগৱতে বাসুদেৱাহঃ”। দেখাত কথাটো অতি সামান্য যদিও ইয়াৰ প্ৰভাৱ কিন্তু বহুত বেছি ।
দ্বিতীয় যি কথা কোৱা হ’ব সেয়া হৈছে গীতাত উল্লেখিত ভগৱানৰ আটাইতকৈ মূল্যবান কথা । ভগৱত গীতা প্ৰণাম কৰাৰ পিছত মনে মনে স্মৰণ কৰক এটা কথা যি কথা হৈছে ভগৱত গীতাৰ আটাইতকৈ অমৃতসম শ্লোক এটিৰ অৰ্থ , ” নিজৰ অধিকাৰ মাত্ৰ কৰ্ম কৰি যোৱাত, কৰ্মফলত নহয় , কৰ্মফল হেতু সদায় ভগৱানৰ অধিকাৰ আছে , সেয়ে ফলৰ কথা চিন্তা নকৰি সম্পূৰ্ণ নিষ্ঠা সহকাৰে কৰ্ম কৰি যোৱা আৰু সেই কৰ্ম সর্বদা সু উদ্দেশ্য পূৰ্ণ হোৱা উচিত “।
ভগৱান শ্ৰীকৃষ্ণই কৈছিল, ” নিজৰ ক্ষমতা সম্পৰ্কে কেতিয়াও সন্দেহ নকৰিবা ; ব্যক্তিয়ে যি বিশ্বাস কৰে তেনেদৰে গঢ়ি উঠে তেওঁৰ ব্যক্তিত্ব আৰু তেওঁ যি বিশ্বাস কৰে সেয়াই তেওঁৰ সৈতে ঘটে”। সেয়ে নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত কেতিয়াও বিশ্বাস হেৰুৱাব নালাগে কাৰণ যি ঘটিছিল ভালৰ বাবে ঘটিছিল, যি হৈছে সেয়াও ভালৰ বাবে হৈছে আৰু ভৱিষ্যতে যি হ’বলৈ গৈ আছে সেয়াও ভালৰ বাবে হবলৈ গৈ আছে মাত্ৰ সকলো সময়ত নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰি গৈ থাকিব লাগে । জন্ম লৈছে খালি হাতে আৰু যাব লাগিব খালি হাতে সেয়ে সকলোৰে লগত বিনয়ী হোৱা বাঞ্চনীয় যাতে ইতিহাসে আপোনাক মনত ৰাখে।