শিৱলিংগ হৈছে হিন্দু দেৱতা শিৱৰ এক বিমূৰ্ত বা প্ৰতিষ্ঠিত প্ৰতিনিধিত্ব। লিংগক “চিহ্ন” হিচাপে ব্যৱহাৰ কৰা হয়। এই লিংগক “নিৰাকাৰ বাস্তৱতাৰ” “বাহ্যিক প্ৰতীক” হিচাপে গণ্য কৰা হয়। যি হৈছে ‘বিশুদ্ধ চেতনা’ৰ সৈতে একত্ৰিত কৰাৰ প্ৰতীক। ই সাধাৰণতে শিৱৰ প্ৰতি সমৰ্পিত হিন্দু মন্দিৰৰ প্ৰাথমিক মূৰ্তি বা ভক্তিমূলক প্ৰতিচ্ছবি। লিংগক স্ব-প্ৰকট প্ৰাকৃতিক বস্তু হিচাপেও পোৱা যায়। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে ভগৱান শিৱক কিয় শিৱলিংগ ৰূপে পূজা কৰা হয় ?
হিন্দু পুৰাণত বৰ্ণনা কৰা কাহিনী অনুসৰি মহাদেৱ শিৱক লিংগৰূপে পূজা কৰাৰ নেপথ্যত আছে এক পৌৰাণিক কাহিনী। আখ্যান অনুসৰি, সপ্তঋষি সহ আৰু অনেক ঋষিয়ে সন্মিলিত হৈ এবাৰ এখন মহাযজ্ঞৰ আয়োজন কৰিছিল, যজ্ঞ সু -সম্পন্ন হোৱাৰ পিছত যজ্ঞৰ পৰা যি সুফল নিৰ্গত হৈছিল তাক লৈ বিপাঙত পৰিছিল ঋষিসকল। যে সেই সুফল কোনে পোৱা উচিত! আৰু সেই সময়তে দেৱৰ্ষী নাৰদে আহি সেই যজ্ঞৰ সুফলৰ সম্পূৰ্ণ অধিকাৰ ব্ৰহ্মা – বিষ্ণু – মহেশ্বৰৰ ট্ৰিদেৱৰ ভিতৰত যিজন বেছি শক্তিশালী তেওঁ সেই ফল প্ৰথম ভোগ কৰিব বুলি কয়। কিন্ত ঋষিসকলে সেইটো নাজানিছিল যে ট্ৰিদেৱৰ ভিতৰত কোনজন বেছি শক্তিশালী। উপায়ন্তৰ ঋষিগণে তেতিয়া মহৰ্ষি ভৃগুক কোনজন ট্ৰিদেৱে এই যজ্ঞৰ সুফল প্ৰথমে ভোগ কৰিব তাক বাছি উলিয়াবলৈ দায়িত্ব দিছিল।
তেতিয়া কথা অনুসৰি মহৰ্ষি ভৃগুয়ে প্ৰথমে ব্ৰহ্মালোকলৈ গৈ দেখিলে যে ব্ৰহ্মা আৰু মাতা সৰস্বতী গভীৰ বেদচৰ্চাত মগ্ন আছিল, বহু সময়ৰ পিছতো ব্ৰহ্মা আৰু সৰস্বতীয়ে ভৃগুক লক্ষ্যই কৰা নাছিল। সেয়ে মহৰ্ষি ভৃগুৰ প্ৰচণ্ড খং উঠিছিল আৰু ব্ৰহ্মাক অভিশাপ দিছিল যে পৃথিৱীত ব্ৰহ্মাৰ কোনো মন্দিৰ নাথাকিব আৰু ব্ৰহ্মাৰ কোনো পূজা কৰা নহ’ব। তাৰ পিছতে মহৰ্ষি ভৃগুই সেই স্থান ত্যাগ কৰি ভগৱান শিৱৰ ওচৰলৈ ৰাওনা হৈছিল, কৈলাশত উপস্থিত হৈ মহৰ্ষি ভৃগুৱে দেখিছিল যে ভগৱান শিৱ আৰু দেৱী শক্তি দুয়ো দাম্পত্য জীৱনৰ সুখ উপভোগ কৰি আছিল। মহৰ্ষি ভৃগুই শিৱৰ অনুমতি অবিহনে উপস্থিত হোৱা বাবে ভগৱান শিৱ অত্যন্ত ৰুষ্ট হৈ পৰিছিল আৰু ভৃগুক প্ৰশ্ন কৰিছিল, ”স্বামী স্ত্ৰীৰ একান্ত সময়ত আপুনি উপস্থিত হোৱাৰ সাহস কত পালে “? ভগৱান শিৱৰ সেই কথা শুনি মহৰ্ষি ভৃগুৰ প্ৰচণ্ড খং উঠিল আৰু শিৱক অভিশাপ দিছিল যে আজিৰ পৰা শিৱমূৰ্তিৰ কোনো পূজা কৰা নহয়, বৰং শিৱৰ লিংগক পূজা কৰা হ’ব। আৰু সেই কাৰণে সেই ঘটনাৰ পৰিক্ৰমাত ভগৱান শিৱৰ লিংগ পূজাৰ সূত্ৰপাত হয় আৰু শিৱলিংগক ভগৱান শিৱৰ প্ৰতীক মান্যতা দিয়া হয়।
উল্লেখ্য যে শিৱলিংগৰ ইতিহাসৰ কথা যদি চাও তেন্তে পুৰাতত্ত্ববিদসকলৰ মতে “মহেঞ্জোদাৰোত পোৱা কিছুমান শিল স্পষ্টভাৱে ফেলিক শিল।” এইবোৰ ২৩০০ খ্ৰীষ্টপূৰ্বৰ পৰা কিছু সময়ৰ আগৰ। একেদৰে, হৰপ্পাৰ এটা সৰু টেৰাকোটাৰ প্ৰতিনিধিত্ব মূলক আৰ্হি আছে যাক “নিঃসন্দেহে আধুনিক শিৱলিঙ্গৰ প্ৰতিকৃতি বুলি গণ্য কৰা হ’য়।”