চাওঁতে চাওঁতে আহি পালেহি বাপতিসাহোন ৰঙালী বিহুতি | কেইটামান মুহুৰ্ত বাকী আছে হেপাহৰ বহাগ বিহুলে | ৰঙালীক আদৰিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ব্যাপক প্ৰস্তুতি | ভিন্ন প্ৰান্তত এতিয়া ঢোল পেপা তালৰ মাতেৰে মূখৰিত হৈ পৰিছে | চেনেহৰ বিহুটিত এপাক নাচিবলৈ চলিছে কৰ্মশালা | পিছপৰি ৰোৱা নাই ওদালগুৰিৰ জীয়ৰী-বোৱাৰী | জিলাখনৰ পানেৰীৰ দেওঁলখোলাত কণ কণ মইনাৰ পৰা বোৱাৰীলৈকে সকলোৱে বিগত ২০ দিন ধৰি বিহু কৰ্মশালাৰ জৰিয়তে বিহুত এপাক নাচিবলৈ চলাইছে পূৰ্ণ প্ৰস্তুতি | মহিলা সকলেওঁ বিগত বহু বছৰৰ পৰাই জেং বিহু পৰিৱেশন কৰি অহা বুলি জানিবলৈ দিয়ে |
ওদালগুৰিৰ পানেৰীত ৰঙালীক আদৰিবলৈ পূৰ্ণ গতিৰে চলিছে প্ৰস্তুতি
Posted on by GTM Desk
1 min read
You May Also Like
ৰিলচ্ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ
September 10, 2024
অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
September 9, 2024