জালুগুটিত কৃষি বিভাগৰ “বৰোধান চপোৱা উৎসৱ” সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৮জুন:–মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু এপাৰ্ট আঁচনিৰ অধীনত শনিবাৰে জিলাখনৰ জালুগুটি কৃষি চক্ৰৰ অন্তৰ্গত জালুগুটিৰ মাজবড়িত “বৰোধান চপোৱা উৎসৱ” অনুষ্ঠিত হৈ যায় । জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মা উপস্থিত থকা অনুষ্ঠানত কৃষি চক্ৰটোৰ দুটা কৃষক উৎপাদক কোম্পানী ক্ৰমে কপিলী ভেলী কৃষক উৎপাদক প্ৰতিষ্ঠান আৰু মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ শতাধিক কৃষকো উপস্থিত থাকে। অনুষ্ঠানত কৃষকসকলক আধুনিক কৃষি পদ্ধতি,খেতিত আধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰ,উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰ,কৃষকৰ আয় বৃদ্ধি আদি বিষয়ত আলোচনা কৰাৰ লগতে সজাগতা সৃষ্টি কৰা হয় । ইয়াৰ উপৰিও অনুষ্ঠানটোত বিভাগৰ দ্বাৰা ৰূপায়িত পি এম কে এছ ৱাই,পি এম এফ বি ৱাই,পি এম কিষাণ,চি এম এছ জি ইউ ৱাই আদি বিভিন্ন আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে উক্ত আঁচনিৰ অধীনত কৃষক ৰাইজে কেনেকৈ সুবিধা সমূহ লাভ কৰিব সেই বিষয়ে বিশদভাৱে অৱগত কৰা হয় । আনহাতে অনুষ্ঠানৰ “বৰোধান চপোৱা” মূল কাৰ্যসূচী হিচাপে জালুগুটিৰ মাজবড়ি পথাৰত বৰোধানৰ খেতি আধুনিক কৃষি যন্ত্ৰৰ সহায়ত ধান চপাই কৃষক ৰাইজৰ মাজত কৃষি যন্ত্ৰৰ প্ৰদৰ্শনী কৰা হয় । জিলা কৃষি বিভাগৰ কৃষি সম্প্ৰসাৰণ কৰ্মী ৰাজেন ডেকাই আঁত ধৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে সহকাৰী কৃষি সঞ্চালক তপন কুমাৰ ব্ৰহ্ম,এপাৰ্টৰ জিলা ন’ডেল বিষয়া তথা জালুগুটি কৃষি চক্ৰৰ চক্ৰ বিষয়া মুছাহিদ ফাৰুকী, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞ ড° কস্তুৰী গোস্বামী, জিলা কৃষি বিভাগৰ বিষয়া ক্ৰমে ধনঞ্জী যাদৱ,হীৰামনি দাস, ড° পুনম শইকীয়া,সুভাষি বৰঠাকুৰৰ লগতে জিলা কৃষি বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author