মনোকামনা সিদ্ধিৰ বাবে শাওণৰ শেষৰটো সোমবাৰত কৰক এই উপায়

1 min read

আজি শাওণ মাহৰ অন্তিম সোমবাৰ। এই অন্তিম সোমবাৰৰ দিনটোত ভগৱান শিৱৰ বাহন নন্দী মহাৰাজৰ কাণত মনে মনে কওক এই এষাৰি কথা, তেতিয়া যি আশা কৰে সেয়া শীঘ্রে পুৰণ হব। ( Religious Studies )

এই শাওণ মাহত ভগৱান শিৱৰ পূজা পাঠ কৰাৰ বিশেষ মহত্ব আছে। এই শাওণ মাহত ভক্তসকলে মহাদেৱৰ, ব্ৰট, পূজা উপবাস কৰি তেওঁক প্ৰসন্ন কৰে। আৰু ভগৱান শিৱই ভক্তৰ পূজা স্বীকাৰ কৰে আৰু আৰ্শীবাদ প্ৰদান কৰে। যদি আপোনাৰ এনে মনোকামনা আছে, যি আজিলৈকে পূৰ্ণ হোৱা নাই।তেন্তে,আমি আজি ভোলানাথৰ লগত জড়িত এনে উপায় কবলৈ লৈছো,যি উপায় কৰাৰ লগে লগে ভোলানাথৰ কৃপাত আপোনাৰ সকলো মনোকামনা পূৰ্ণ হব।

সেই উপায় তলত দিয়া ধৰনৰ-

যিহেতু আমি সকলোৱে জানো যে নন্দীক মহাদেৱৰ বাহন বুলি কোৱা হয়। আৰু সকলো শিৱ মন্দিৰৰ বাহিৰত বা ভিতৰগ নন্দিৰ মূৰ্তি থাকে। নন্দী মহাৰাজ সুখী হলে, আপোনাৰ কথা নিশ্চিত ভাৱে ভগৱান শিৱৰ ওচৰলৈ যাব। শাস্ত্ৰত উল্লেখ আছে যে, ভগৱান শিৱই নন্দীক বৰদান দিছিল যে, যি ব্যক্তিয়ে তোমাৰ কাণত মনৰ কথা কব, মই সেইজনৰ কথা নিশ্চিত ভাৱে মই শুনিম। আৰু সেইজন ব্যক্তিৰ মনৰ কামনা শীঘ্রেই পূৰ্ণ কৰিম। ( Religious Studies )

নন্দী মহাৰাজে নিজৰ পিঠিত মহাদেৱক বহুৱাই লৈ তিনিও লোক ভ্ৰমণ কৰায়। গতিকে শাওণ মাহৰ এই অন্তিম দিনটিত শিৱ মন্দিৰলৈ গৈ, প্ৰথমে শিৱ লিংগত জল নিবেদন কৰিব।তাৰপাছত নন্দী মহাৰাজা সন্মুখত এগচি প্ৰদীপ জ্বলাব আৰু আৰতি কৰিব।তাৰপিছত নন্দী মহাৰাজাৰ কাণত আপোনাৰ যি মনৰ কামনা আছে, সেই সকলো ব্যক্ত কৰিব। দেখিব আপোনাৰ মনৰ কামনা শীঘ্রে পূৰ্ণ হৈ উঠিব।মনত ৰাখিব, এই উপায় কৰোতে আপোনাৰ অন্তৰ খন শুদ্ধ হোৱাটো প্ৰয়োজন।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author