শওণ মাহত প্ৰকৃত শিৱ ভক্তই লাভ কৰে এই সমূহ ফল

1 min read

হিন্দু পুৰাণ অনুযায়ী শাওণ মাহ বছৰৰ এক প্ৰৱিত্ৰ মাহ। বছৰৰ আন সময়ত শিৱ উপাসনা কৰিলে যি ফল লাভ হয়, তাতকৈ এই শাওণ মাহত শিৱ ব্ৰট পালন কৰিলে ১০৮ গুণ অধিক ফল লাভ হয়।( Religious Studies )

বিশেষ কৰি এই শাওণ মাহতম হাদেৱৰ ব্ৰট বা উপবাস পালন কৰি মহাদেৱক টুষ্ট কৰাৰ বাবে এক সহজ উপায়। ঈশ্বৰক যি বিশ্বাস কৰে তেওঁলোকে মানি লয় যে, ঈশ্বৰক যদি যথাযথ টুষ্ট কৰা যায়, তেন্তে শুভ ফল লাভ হয় আৰু সেইবাবে পূজা অৰ্চনা বা উপবাসৰ ওপৰত গুৰুত্ব দিয়া হয়। হিন্দু ধৰ্মৰ মতে এই শাওণ মাহ শিৱ পূজাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

পৌৰাণিক কথা অনুসৰি সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল বিষ মহাদেৱে এই শাওণ মাহতে পান কৰিছিল। গতিকে ভক্ত সকলে বিশ্বাস যে, এই শাওণ মাহত শিৱ পূজা বা শিৱ ব্ৰট পালন কৰা হয়, তেন্তে, বিভিন্ন ফল লাভ কৰিব পাৰি। তাৰে ভিতৰত বিশেষ কেইটামান ফলৰ বিষয়ে তলত উল্লেখ কৰা হল-

১/শাওণ মাহত ভক্তি সহকাৰে, শিৱ পূজা কৰিলে গ্ৰহ দোষ বিশেষ কৰি শণি দোষৰ পৰা মুক্তি পোৱা যায়। ( Religious Studies )

২/ভক্তি সহকাৰে শাওণ মাহত শিৱ পূজা কৰিলে, ভক্তৰ স্বাস্থ্যৰ ক্ষেত্রত উন্নতি ঘটে। আৰু লগতে গুৰুতৰ ৰোগৰ পৰা মুক্তি পোৱা যায়।

৩/দেৱাদিদেৱ মহাদেৱক হিন্দু সকলৰ মতে, আদৰ্শ পুৰুষ হিচাপে জ্ঞান কৰা হয়। গতিকে শাওণ মাহত অবিবাহিত ছোৱালীয়ে যদি শিৱ পূজা কৰে, তেন্তে মহাদেৱৰ দৰে আদৰ্শ পুৰুষ তেওঁ লাভ কৰিব। আৰু এই কথা সকলোৱে বিশ্বাস কৰে।
৪/শাওণ মাহত ভক্তি ভাৱে শিৱ পূজা কৰিলে আপোনাৰ সকলো আপদ বিপদ, বাধা বিঘিনি, আৰু অকাল মৃত্যু পৰা মুক্তি পোৱা যায়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author