বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ আহিছে (Jonali Nath Murder Case)। এক নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্যত প্ৰকাশ পাইছে চাঞ্চল্যকৰ খবৰ৷ ১১ জুনত পৰিকল্পিতভাৱে হত্যা কৰা বিজেপি নেত্ৰী জোনালী নাথক। ক’ত আৰু কেনেদৰে হত্যা কৰা হৈছিল জোনালী নাথক?
অতি নৃশংসভাৱে হত্যা কৰা হৈছিল জোনালী নাথক। প্ৰথমে ঘোচা, তাৰ পিছত ডিঙি চেপি ধৰা হৈছিল জোনালীক আৰু শেষত এডাল কাঠৰ মাৰিৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰিছিল জোনালী নাথক।
১১ জুনৰ সন্ধিয়া পূৰ্বৰ পৰাই এখন বাহনৰ ভিতৰত থকা হাছানুৰ ইছলাম আৰু আজিবুৰ ইছলামে মাটিয়াৰ গাৰোপাৰাত গাড়ীত উঠাইছিল জোনালী নাথক। জোনালীক বাহনৰ আগফালৰ ছীটত বহুৱাই হাছানুৰে নিজে গাড়ী চলাই মৰনৈৰ দিশে আগবাঢ়িছিল৷
জোনালী নাথক গাড়ীত বহুৱাই হাছানুৰে ৪৬নং ৰাজ্যিক ঘাইপথৰ পৰা দহিকটা শালঝাৰৰ মাজেৰে যোৱা পকী পথেৰে গতি কৰিছিল৷ ৰাজ্যিক ঘাইপথৰ পৰা দহিকটা কৃষ্ণাই সংযোগী পথত গাড়ীখন ঘূৰাইয়ে প্ৰথমে জোনালী নাথৰ মুখত প্ৰচণ্ড ঘোচা মাৰিছিল হাছানুৰে৷ একে সময়তে গাড়ীৰ পিছত বহি থকা আজিবুৰে জোনালী নাথৰ ডিঙিত চেপি ধৰিছিল আৰু আগ ছীটৰ পৰা পিছৰ ছীটলৈ টানি নিছিল জোনালীক৷
তেনেদৰে তিনি কিলোমিটাৰ শালঝাৰণি অতিক্ৰম কৰি দহিকটাৰ সমিপৰ পকী পথৰ ওপৰতে হাছানুৰে বাহনখন ৰখাই কাঠৰ টাঙোন উলিয়াই বাহনৰ পিছফালৰ দুৱাৰ খুলি জোনালীৰ মূৰত প্ৰচণ্ড আঘাত কৰিছিল। যাৰ ফলত থিতাতে মৃত্যু হৈছিল জোনালীৰ।
তাৰ পিছতে কৃষ্ণাই হৈ শালপাৰাত গৈ মৃতদেহ গাড়ীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত পেলাই দিছিল দুই হত্যাকাৰীয়ে৷ আৰক্ষীৰ তৎপৰতাত দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ স্থানীয় ৰাইজৰ দাবী, ফাষ্ট ট্ৰেক আদালতত বিচাৰ হওক এই হত্যাকাণ্ডৰ আৰু দোষীক উচিত শাস্তি বিহা হওক।
Source: News 18