নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী মহাবিদ্যালয়ত শনিবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।এই সন্মিলন খনে মহাবিদ্যালয়ৰ খনৰ উন্নতিৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ হাতত লৈছে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ বৰ্তমানৰ সভাপতি ৰূপক শৰ্মাই এই ক্ষেত্ৰত বহু সহায় সহযোগিতা আগবঢ়াইছে বুলি জানিবলৈ দিয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে । মহাবিদ্যালয় প্ৰয়োজনীয়তা অনুসৰি ছাত্ৰ ছাত্ৰী সকলৰ বাবে পানী যোগানৰ ক্ষেত্ৰত আৰু উন্নত কৰিবৰ বাবে water Coller,চাইকেল ষ্টেন্ড আৰু মহাবিদ্যালয়ত থকা স্বাস্থ্য বিভাগৰ বাবে অক্সিজেন ছিলিণ্ডাৰৰো ব্যৱস্থা কৰিব বুলি জানিব লৈ দিয়ে। লগতে এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনখনৰ জীয়ায়ুৰ ৰহমান নামৰ এগৰাকী ছাত্ৰই মহাবিদ্যালয় খনৰ বাবে সৌৰশক্তি চালিত লাইট আৰু কিতাপ ঘৰৰ বাবে আলমাৰী প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে জুলাই মাহত অনুষ্ঠিত হবলগীয়া এই ছাত্ৰ ছাত্ৰী সন্মিলনৰ আজিৰ সভাৰ লগত সংগতি ৰাখি এক বৃক্ষ ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত হয়।
নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা
Posted on by GTM Desk

1 min read
You May Also Like
More From Author
দৰং জিলাত উৎখাত দেহ ব্যৱসায়ী চক্ৰ…
December 6, 2023
Government Firm with Social Media Platforms over Deepfake Concerns
December 6, 2023