নাজিৰাৰ এখন দলীয় সাংগঠনিক কৰ্মশালা সভাত উপস্থিত বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
আজি গেলেকী নাট্য মন্দিৰ প্ৰাংগনত নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু আঠখেল জিলা পৰিষদ সমন্বয়ৰক্ষী সমিতিৰ তত্বাৱধানত আৰু মণ্ডল কংগ্ৰেছ কমিটীৰ সহযোগত কংগ্ৰেছৰ এখন দলীয় সাংগঠনিক কৰ্মশালা সভা অনুষ্ঠিত কৰা দেখা যায়।
প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমতে তৃণমূল পৰ্য্যায়ত কংগ্ৰেছ দলটোক শক্তিশালী কৰা,
প্ৰতিটো ভোট কেন্দ্ৰত থকা দলৰ কমিটি সমূহ সক্ৰিয় কৰা,
বি জে পিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলটোক শক্তিশালী কৰা আৰু বিভিন্ন বিষয়ত এই কৰ্মশালাত আলোচনা কৰা হয়।
আমগুৰি নগৰ মণ্ডল আৰু আমগুৰি গ্ৰাম্য মণ্ডলৰ কংগ্ৰেছ কৰ্মীৰ লগতে আঠখেল জিলা পৰিষদৰ ভোট কেন্দ্ৰৰ সভাপতি সম্পাদক সহ অন্যান্য প্ৰতিনিধি সকল উপস্থিত থাকে এই কৰ্মশালাত।
এই কৰ্মশালাত আগন্তুক দিনত বিজেপি দলটোক কেনেকৈ পৰাভূত কৰি পুনৰ কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিব পৰা যাব সেই বিষয়ে বৰ্ণনা কৰা হয়।
এই সন্দৰ্ভত বিধায়ক দেৱব্ৰত শইকীয়াৰ মন্তব্য আছে শুনো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট