নাজিৰা মহকুমাৰ দোলাকাষাৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত জাপিসজীয়া গাৱৰ এগৰাকী যুৱতী বিগত কিছুদিন ধৰি সন্ধানহীন হৈ আছে । নিৰুদ্দৃষ্ট যুৱতী গৰাকীৰ নাম হৈছে বৰ্ণালী গগৈ ; বয়স প্ৰায় ২৩ বছৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । ৯ জুনৰ পৰা সন্ধানহীন হৈ থকা যুৱতী গৰাকীৰ নাই পিতৃ মাতৃ। বৰ্ণালী সৰু হৈ থকাৰ সময়তে পিতৃ-মাতৃৰ মৃত্যু হোৱাত পেহীয়কে ডাঙৰ-দীঘল কৰাইছিল যুৱতী গৰাকীক। গেলেকী আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানৰলৈকে লাভ কৰা কোনোধৰণৰ সন্ধান । আৰক্ষীৰ সমান্তৰালকৈ পেহীয়েক আৰু পৰিয়ালৰ আন সদস্য সকলেও যুৱতী গৰাকীৰ সন্ধানৰ বাবে চেষ্টা চলাই ভাগৰি পৰাত সংবাদ মাধ্যমৰ কাষ চাপিছে । কোনো সদাশয় ব্যক্তিয়ে যদি যুৱতী গৰাকীৰ সন্ধান লাভ কৰে তেতিয়া আৰক্ষীক খবৰ দিবলৈ নাইবা ৮৮২২৭৬২৬৭৩ নাইবা ৭৬৬২০৬৮৫৭০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ জনাইছে ।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।