চোৰৰ ৰূপত ঠিকাদাৰ । টীয়কৰ এটা চৰকাৰী কাৰ্যালয়ত উদ্ধাৰ বৃহৎ পৰিমানৰ চুৰি পাইপ।
চোৰাং পাইপেৰে চলিছে নেকি টীয়ক পৌৰসভাৰ পানী যোগান আঁচনিৰ কাম।
টীয়কৰ প্ৰতিবেদক ২৮ জুন /২৩
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টীয়ক টাউনস্থিত পানী যোগান আঁচনিৰ চৌহদত আজি টীয়ক আৰক্ষীৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে বৃহৎ সংখ্যক চুৰি পাইপ উদ্ধাৰ কৰে। জানিব পৰা মতে শিৱসাগৰৰ শ্ৰী মাঞ্চা ইণ্ডাষ্টিৰ প্ৰায় দহ লাখৰ অধিক মূল্যৰ পাইপ তেওঁলোকৰ নিৰ্দিষ্ট স্থানৰ পৰা হেৰাই। পৰবৰ্তী সময়ত শ্ৰী মাঞ্চা ইণ্ডাষ্টিৰ মালিক পক্ষই টীয়কত উক্ত পাইপখিনি থকা বুলি জানিব পাৰি শিৱসাগৰ আৰক্ষীৰ কাষ চাপে। ইফালে আজি টীয়ক আৰক্ষীৰ সহযোগত শিৱসাগৰ আৰক্ষীৰ এটা দলে টীয়কৰ উক্ত পানী যোগান আঁচনিটোত উপস্থিত হয়।
আনহাতে পানী যোগান আঁচনিখনৰ চকীদাৰ জনৰ ভাষ্যমতে শিৱসাগৰৰ জনৈক গগৈ উপাধিৰ এগৰাকী ঠিকাদাৰে এমাহৰ পূৰ্বে এই পাইপখিনি পানী যোগান আঁচনি খনৰ চৌহদত পেলোই। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে পাইপখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।