নাজিবুৰৰ ফাঁচিৰ দাবীত প্ৰতিকূল বতৰকো নেওচি উত্তাল গোলাঘাট

1 min read
গোলাঘাটত সংঘটিত নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু দোষীক ফাঁচি দিয়াৰ দাবীত বৃহস্পতিবাৰে দুই শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি চহৰখনৰ আকাশ-বতাহ কঁপাই তোলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে গোলাঘাটত উপস্থিত হৈ উক্ত নৃশংস হত্যাৰ বলি হোৱা লোক কেইজনৰ নিকট আত্মীয়ৰ ঘৰলৈ গৈ ঘটনাৰ বুজলৈ সমবেদনা জ্ঞাপন কৰি ওভতি যোৱাৰ পাছতে চহৰৰ সমন্বয় ক্ষেত্ৰত সচেতন নাগৰিক মঞ্চৰ নেতৃত্বত দুই শতাধিক ৰাইজ সমবেত হয়।
সেই স্থানৰ পৰাই ধাৰাষাৰ বৰষুণৰ মাজতে এক প্ৰতিবাদী সমদলেৰে চহৰখন পৰিভ্ৰমণ কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত উপস্থিত হৈ ধৰ্ণা দিয়ে। প্ৰতিবাদকাৰীসকলে উক্ত ঘটনা লাভ জেহাদৰ পৰিণতি বুলি অভিহিত কৰি এই ঘটনাত কেৱল নাজিবুৰেই নহয় তেওঁৰ পৰিয়ালৰ অন্যান্য লোকো জড়িত আছে বুলি দাবী কৰি তেওঁলোককো তদন্তৰ আওতালৈ অনাৰ দাবী জনায়। লগতে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষীপ্ৰ বিচাৰ কৰি দোষীসকলক ফাঁচী দিয়াৰো দাবী সজোৰে উত্থাপন কৰে।
অন্যহাতে এই ঘটনাক সাধাৰণ পাৰিবাৰিক সংঘাতৰ পৰিণতি বুলি সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকে মন্তব্য কৰি ঘটনাটো লঘু কৰিবৰ বাবে প্ৰচেষ্টা চলাইছে বুলিও প্ৰতিবাদকাৰীৰ নেতৃত্বই অভিযোগ কৰে। সঞ্জীৱ ঘোষ আৰু জুনুঘোষৰ কন্যা তথা সংঘমিত্ৰাৰ ভগ্নী অংকিতা ঘোষৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায়। প্ৰতিবাদকাৰীয়ে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

You May Also Like

More From Author