হায় মানৱতা! মণিপুৰৰ ৰাজপথত দুই কুকি মহিলাক উলংগ কৰি সমদল; ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল

1 min read

গোষ্ঠীসংঘৰ্ষত অশান্ত মণিপুৰত ভয়ংকৰ ঘটনাৰ ভিডিঅ’ এটি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দুগৰাকী মহিলাক উলংগ অৱস্থাত ৰাজপথত সমদল কৰি নি আছে একাংশ লোকে। মহিলা দুগৰাকীক খেতিপথাৰলৈ নি দলবদ্ধ ধর্ষণ কৰি এনেদৰে ৰাজপথত উলংগ অৱস্থাত সমদল কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতেই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ইণ্ডিজিনিয়াছ ট্রাইবেল লীডাৰ্ছ ফ’ৰাম চমুকৈ আইটিএলএফে ছ’চিয়েল মিডিয়াত মণিপুৰৰ এই ভয়াৱহ ভয়াৱহ ঘটনাটোৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পিছতেই বিবৃতিযোগে ঘটনাটোত জড়িত লোকক গৰিহণা দিয়াৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

আইটিএলএফৰ বিবৃতিত প্ৰকাশ পোৱা মতে, মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ কাংপকপি জিলাত যোৱা ৪ মে’ত এই ভয়াৱহ ঘটনাটো সংঘটিত হৈছিল। উল্লেখ্য যে অজনজাতি মেইটেই সম্প্রদায়ক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিৰোধিতাৰে জনজাতীয় সংগঠন বিশেষকৈ কুকি সম্প্ৰদায়ৰ লোকে জনজাতি সহমর্মিতা সমদল ৩ মে’ত উলিওৱাৰ পিছতেই মণিপুৰত গোষ্ঠীসংঘৰ্ষৰ সূত্ৰপাত হয়। অজনজাতি মেইটেই আৰু জনজাতি কুকি সম্প্ৰদায়ৰ মাজত গোষ্ঠীসংঘৰ্ষই মণিপুৰ উত্তপ্ত কৰি তোলে। এই সময়ছোৱাতে ৪ মে’ত দুগৰাকী কুকি-জ’ জনজাতি সম্প্ৰদায়ৰ মহিলাক মেইটেই সম্প্ৰদায়ৰ একাংশই দলবদ্ধ ধর্ষণ কৰি ৰাজপথত উলংগ কৰি সমদল উলিয়ায়। এই ভয়াৱহ ভিডিঅ’টি ছ’চিয়েল মিডিয়াত প্রত্যক্ষ কৰি আইটিএলএফে বিবৃতিত কয়— দুগৰাকী কুকি-জ’ জনজাতীয় মহিলাক ৰাজপথেৰে উলংগ কৰি লৈ গৈ একাংশ মেইটেই সম্প্ৰদায়ৰ লোকে খেতিপথাৰত দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’টো প্ৰচাৰিত হৈছে। যিটো ভয়াৱহ ঘটনা কাংপোকপি জিলাত ৪ মে’ত সংঘটিত হৈছে।

ভিডিঅ’টোত অসহায় মহিলা দুগৰাকীক একাংশ লোকে যৌন নির্যাতন চলাই আছিল। মহিলা দুগৰাকীয়ে কান্দি কান্দি তেওঁলোকক তেনে নকৰিবলৈ অনুৰোধ জনাইছিল। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এই ভয়াৱহ ভিডিঅ’টোৰ নৰপিশাচক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনাইছে আইটিএলএফে। তদুপৰি এই ঘটনাটোক লৈ আইটিএলএফে ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু জনজাতীয় ৰাষ্ট্ৰীয় আয়োগক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে। এই ঘটনাটোক লৈ মণিপুৰ আৰক্ষীয়ে কোনো প্রতিক্রিয়া ব্যক্ত কৰা নাই ।

আনকি গোচৰো ৰুজু কৰা নাই। অশান্ত মণিপুৰৰ ভয়াৱহ ঘটনাটোক লৈ ৰাজনৈতিক নেতা আৰু স্বেচ্ছাসেৱক সংগঠনে গৰিহণা দি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উক্ত ঘটনাত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

You May Also Like

More From Author