বুৰৈ ঘাটত ২০৯সৎখ্যক ভানু জ‌য়ন্তী সমাৰোহ অনুষ্ঠিত  

1 min read

নেপালী ভাষাৰ আদিকবি ভানুভক্ত আচাৰ্যৰ ২০৯তম জম্ম জয়ন্তী আজি বুৰৈঘাটৰ মনোকামনা দুৰ্গা মন্দিৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’য়। হাম্ৰো চিনাৰী বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ভানু জ‌য়ন্তীৰ পুৱা পতাকা উত্তোলন কৰে হাম্ৰো চিনাৰী বিশ্বনাথ জিলা সমিতিৰ সভাপতি দেৱৰাজ চেত্ৰীয়ে। বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী জানুকা প্ৰধানে।দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেন নৰহে মাল্যাৰ্পন কৰাৰ পিছত স্মৃতি তৰ্পনৰ শুভাৰম্ভ কৰে অবিলাল চেত্ৰীয়ে।তাৰ পিছত ৰামায়ণ পাঠ অনুষ্ঠিত হ’য়।ৰামায়ণ পাঠ কৰে পণ্ডিত দিল্লী ৰাম ভাণ্ডাৰীয়ে । ৰামায়ণ ‌পাঠৰ পিছত গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ পৰিচালনা কৰে কল্যাণ শৰ্মাই। আবেলি অনুষ্ঠিত মুকলি সভাত সভাপতি দেৱৰাজ চেত্ৰীয়ে সভাপতিত্বত কৰে আৰু অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ টিকাৰাম উপাধ্যায় “নিৰ্ভিকে”মুকলি সভা উদ্বোধন কৰে। মুকলি সভা উদ্বোধন কৰি উপাধ্যায়ে ভানুভক্ত আচাৰ্যৰ আগতে আন বিশজন কবি নেপালত আছিল ।যাৰ ফলত তেওঁ ক আদিকবি কোৱাৰ সম্পৰ্কত প্ৰশ্ন উথাপন কৰে।


এই সভাত সাহিত্য অকাডেমিৰ সদস্য ড, ক্ষেমৰাজ নেপালে মুখ্য অতিথিৰ ভাষণ‌ প্ৰদান কৰি দুশ বছৰ আগতে ভানুভক্ত আচাৰ্যই নেপালী ভাষাত ৰামা‌য়ণ অনুবাদ কৰা,বধু শিক্ষাকে আদি কৰি বহুখিনি কবিতা লিখাৰ উপৰিও সামাজিক কাম কাজৰ ওপৰত গুৰুত্ব দিয়া বুলি উল্লেখ কৰে। সাহিত্যিক পদ্মা দেৱী নিদিৰ্ষ্ট বক্তা হিচাপে অৎশ গ্ৰহণ কৰি ভানুভক্ত ৰ। জীবন আৰু আদৰ্শৰ ওপৰত আলোকপাত আগবঢ়ায়।। আনহাতে সাহিত্য পেঞ্চনাৰ লক্ষ্মীকান্ত শৰ্মা আৰু সাহিত্য একাডেমীৰ সদস্য চন্দ্ৰমণি শৰ্মাক অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা সম্বৰ্দ্ধনা ‌জনোৱা হয়। এই সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ যাদৱ চলিহাই অৎশ গ্ৰহণ কৰি ভানুভক্ত আচাৰ্যৰ ওপৰত সুন্দৰ নিদৰ্শন দাঙি ধৰে। এই সভাত হাম্ৰো চিনাৰী উত্তৰ পূব ভাৰতৰ প্ৰচাৰ সম্পাদক ভুবন লুইটেল,নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপীকা দেবী ঢাকাল, বিহালী প্ৰেছ ক্লাৱৰ উপ-সভাপতি খগেন মটক সহ বহু গণ্য মাণ্য ব্যক্তিয়ে অৎশ গ্ৰহণ কৰে। সভাৰ সকলো বোৰ কাৰ্যসূচীত স্হানীয় ৰাইজৰ সহযোগ কৰাৰ বাবে
অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী জানুকা প্ৰধান আৰু সম্পাদিকা টিনা খনাল, হাম্ৰো চিনাৰী বিশ্বনাথ জিলা সমিতিৰ সভাপতি দেৱৰাজ চেত্ৰী আৰু সম্পাদক নাৰায়ন আচাৰ্যই ধন্যবাদ জ্ঞাপন কৰিছে।

বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

You May Also Like

More From Author