ভাৰতীয় বায়ুসেনাৰ আটাইতকৈ বয়সীয়াল তথা জীৱিত যুঁজাৰু পাইলটগৰাকীয়ে বৃহস্পতিবাৰে সম্পূৰ্ণ কৰিলে ১০৩ বছৰ
স্কোয়াড্ৰন লিডাৰ দিলীপ সিং মজিতিয়াই (অৱসৰপ্ৰাপ্ত) ৭ বছৰীয়া কেৰিয়াৰত ১৩ প্ৰকাৰৰ বিমানত ১১০০ ঘন্টা উৰা মাৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত বাৰ্মাৰ ওপৰত অপাৰেচন কৰিছিল। উল্লেখ্য যে, ১৯২০ চনৰ ২৭ জুলাইত চিমলাৰ স্কিপলিন ভিলাত জন্মগ্ৰহণ কৰিছিল দিলীপ সিঙে৷
১৯৪০ চনৰ ১ আগষ্টত লাহোৰৰ ৱালটনৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ বিদ্যালয় (আই টি এছ)ত অনুষ্ঠিত হোৱা প্ৰথমটো পাঠ্যক্ৰমত যোগদান কৰে আৰু আন ৭১ গৰাকী শিক্ষাৰ্থীৰ সৈতে টাইগাৰমথছত প্ৰশিক্ষণ গ্ৰহণ কৰে। সেই বছৰৰে ৫ আগষ্টত তেওঁ প্ৰথমবাৰৰ বাবে ছৰ্টী কৰে আৰু ২২ আগষ্টত এককভাৱে ফাইটাৰ বিমানৰ পাইলট হিচাবে গৈছিল। ১৯৪০ চনৰ নৱেম্বৰৰ শেষলৈকে তেওঁ টাইগাৰমথত ৫৮ ঘণ্টা সময় সম্পূৰ্ণ কৰিছিল আৰু শ্ৰেষ্ঠ পাইলটৰ সন্মান লাভ কৰিছিল।