ফেশ্বনৰ এই নতুন দৌৰত মানুহৰ জোতা-চেণ্ডেলৰ (Footwear) ৰং (Colour) দ্ৰুতগতিত সলনি হৈছে। নতুন যুগৰ যুৱক-যুৱতীসকলে পোছাকৰ হিচাপত জোতা-চেণ্ডেলৰ ৰং নিৰ্ধাৰণ কৰে। কিন্তু আপুনি জানেনে ৰঙীণ জোতা-চেণ্ডেল নিৰ্বাচন কৰাৰ সময়ত প্ৰায়ে আমি এটা ডাঙৰ ভুল কৰি দিও। এই এটা ভুলে মানুহক দৰিদ্ৰতাৰ ফালে ঠেলা মাৰি দিয়ে।
জোতা-চেণ্ডেল (Footwear) ক্ৰয় কৰাৰ সময়ত প্ৰায়ভাগ লোকে কেৱল ষ্টাইলৰ ওপৰতহে গুৰুত্ব দিয়ে। অথবা এইটো চাই যে কোনযোৰ জোতা-চেণ্ডেলে তেওঁলোকক ভাল দেখাইছে। এনে সময়ত তেওঁলোকে এনে এটা ভুল কৰি দিয়ে যিয়ে সুখ, বৈভৱ, ধন, বৈবাহিক জীৱন, সন্তান আৰু বিবাহৰ কাৰক গ্ৰহ বৃহস্পতিক ক্ষোভিত কৰি তোলে।
জ্যোতিষ শাস্ত্ৰ অনুসৰি, আমি ভুলতেও হালধীয়া ৰঙৰ (Yellow Colour) জোতা-চেণ্ডেল পিন্ধিব নালাগে। দৰাচলতে হালধীয়া ৰংটো বৃহস্পতি গ্ৰহৰ ৰং হিচাপে গণ্য কৰা হয়। জ্যোতিষবিদে কোৱা মতে হালধীয়া ৰং ভৰিত ধাৰণ কৰিলে কুণ্ডলীত বৃহস্পতি দুৰ্বল হৈ পৰে (Do Not Wear Yellow Colour Footwear)। যাৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱন ধ্বংস হ’ব পাৰে। ঘৰৰ সুখ-সমৃদ্ধিত ইয়াৰ অশুভ প্ৰভাৱ পৰিব পাৰে। আৰ্থিক ক্ষেত্ৰতো ই প্ৰভাৱ পেলাব পাৰে।
কোনটো ৰঙৰ জোতা-চেণ্ডেল (Footwear) পিন্ধিব?
জ্যোতিবিদে কোৱা অনুসৰি আপুনি ক’লা, নীলা, মটীয়া বা বগা ৰঙৰ জোতাও পিন্ধিব পাৰে। যদি আপুনি ষ্টাইল বা ফেশ্বনক বেছি গুৰুত্ব দিয়ে তেন্তে ৰঙা ৰঙকো অগ্ৰাধিকাৰ দিব পাৰে। কিন্তু হালধীয়া ৰঙৰ জোতা-চেণ্ডেল পিন্ধাৰ পৰা যিমান সম্ভৱ বাচি থাকক।