এইসকল লোকক বেছি কামোৰে মহে

1 min read

যদি কোনোবাই অনুভৱ কৰে যে মহে আপোনাকে অকল কামুৰি আছে বেলেগক নহয়, তেন্তে এই কথাটো নাভাবিব যে মহৰ সৈতে আপোনাৰ কিবা পুৰণি সম্পৰ্ক আছে। তাৰ বিপৰীতে কিছুমান বৈজ্ঞানিক কাৰণ আছে যাৰ ফলত আপুনি মহৰ বেছি চিকাৰ হয়। আহক জানো কোনবোৰ লোকক মহে বেছি কামোৰে আৰু ইয়াৰ আঁৰৰ কাৰণ কি।

নিজৰ পচন্দৰে বাচনি কৰে চিকাৰ
যেনেকৈ আমি আমাৰ খাদ্যৰ বাচনি নিজ পচন্দেৰে কৰো, ঠিক তেনেদৰে মহেও নিজৰ চিকাৰ পচন্দ কৰে আৰু সেইসকল লোকক বেছিকৈ কামোৰে। আমাৰ শৰীৰত কিছুমান বস্তু এনেধৰণৰ থাকে যিয়ে মহক আকৰ্ষিত কৰে। মহে এটা বিশেষ ধৰণৰ শৰীৰক কামুৰিবলৈ ভাল পায়।

তেজ (Blood)
বহুবাৰ আপুনি শুনিছে যে যাৰ তেজ মীঠা হয় সেইসকল লোককহে মহে বেছি কামোৰে, এই কথাটো কিছু পৰিমানে সঁচাও হয়। মহে কিছুমান তেজৰ মানুহক কমুৰিবলৈ ভাল পায়। কিছুমান গৱেষণাই কয় যে মহে O Blood Groupৰ মানুহক বেছিকৈ কামোৰে।

গোন্ধ (Smell)
শৰীৰৰ গোন্ধৰ পৰা মহ আকৰ্ষিত হয়। ইয়াৰ অৰ্থ এইটো নহয় যে মহে পাৰফিউম ব্যৱহাৰ কৰা লোকসকলক কামোৰে, তাৰ বিপৰীতে কিছুমান বিশেষ ধৰণৰ শৰীৰৰ গোন্ধই মহক আকৰ্ষিত কৰে। শৰীৰৰ ঘামত এমোনিয়া আৰু লেক্টিক এচিডৰ দৰে বিভিন্ন প্ৰকাৰৰ কম্পাউণ্ড থাকে, যাৰ গোন্ধে মহক আকৰ্ষিত কৰে।

বিপাকীয় হাৰ (Metabolic Rate)
যাৰ বিপাকীয় হাৰ বেছি সেইসকল লোকক মহে বেছিকৈ কামোৰে। গৰ্ভৱতী মহিলাৰ বিপাকীয় হাৰ উচ্চ থাকে, সেয়েহে তেওঁলোকক মহে বেছি কামোৰে।

বেক্টেৰিয়া (Bacteria)
য’ত অধিক বেক্টেৰিয়া থাকে তাত মহো অধিক থাকে। সেইকাৰণেই মহ লেতেৰা ঠাইত বেছিকৈ থাকে। এক গৱেষণা অনুসৰি মহে আমাৰ ভৰিত বেছিকৈ কামোৰে কিয়নো ভৰিত বেক্টেৰিয়াৰ সম্ভাৱনা অধিক থাকে।

কাৰ্বন ডাই অক্সাইড (CO2)
মহ কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰতি আকৰ্ষিত হয়। যিয়ে যিমান দীঘলীয়া উশাহ লৈ এৰি দিয়ে তাৰ পৰা সিমানে বেছি কাৰ্বন ডাই অক্সাইড ওলাই। এনে লোকসকলক মহে কামুৰি খুবেই ভাল পায়।

You May Also Like

More From Author