ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা চুইফট ডিজায়াৰ অপহৰণ । গ্ৰাহকৰূপী তিনি দুৰ্বৃত্তই অপহৰণ কৰিলে AS 19 M 8515 নম্বৰৰ বগা ৰঙৰ চুইফট ডিজায়াৰ । বঙাইগাঁওৰ পৰা ভাড়াত লৈ অহা চুইফট ডিজায়াৰৰ চালকক নিচা জাতীয় দ্ৰব্য খুৱাই চুৰি কৰিলে চুইফট ডিজায়াৰ । ঘটনাৰ বিৱৰণি অনুসৰি বৃহস্পতিবাৰে বঙাইগাঁওৰ পৰা ৰঙিয়ালৈ ভাড়া কৰিছিল চুইফট ডিজায়াৰ বাহনখন ভাড়া গ্ৰাহকজনে ৰঙিয়াত আন দুই সহযোগীৰ সৈতে লগ হৈ ৰঙিয়াৰ ষ্টেচনৰ সুভম হোটেলত খাবলৈ দিছিল তিনি সহযোগীৰ সৈতে চালকজনকো । তাৰ পিছতে অচেতন হৈ পৰে বঙাইগাঁও জিলাৰ ধালিগাঁওৰ গণেশ মন্দিৰৰ সমীপৰ নিবাসী তথা চালক নৃপেন চন্দ্ৰ দাস (৪৫) । আৰক্ষী আৰু আৰপিএফে অচেতন অৱস্থাত সুভম হোটেলৰ পৰা উদ্ধাৰ কৰে চালকজনক । আৰক্ষীয়ে লগে লগে ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে চালকজনক ।
ৰঙিয়াৰ পৰা ৰিজাউল হাচান