মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ উদ্যোগত আজি টীয়কৰ দগাচুক ইন্দিৰা আদৰ্শ গাৱঁৰ হৰিমন্দিৰৰ প্ৰাংগণত এটি মৃৎ শিল্পৰ উদ্যোগৰ শিলান্যাস কৰা হয়।মুঠ দহ লাখ পঞ্চাশ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া এই উদ্যোগটোৱে অনাগত দিনসমূহত অসমৰ প্ৰায় মৃতপায় অৱস্থালৈ যোৱা মৃৎ শিল্পটোক পুনৰ উজ্জীৱিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। যোৰহাট জিলা মৃৎ শিল্প সমবায় সমিতি লিমিটেডৰ সম্পাদক জয়ন্ত কলিতাই আঁতধৰা উক্ত শিলান্যাস কাৰ্যসূচীত যোৰহাট জিলা বানিজ্য ও উদ্যোগ কেন্দ্ৰৰ মহা প্ৰৱন্ধক গৌতম দেৱ নাথ,সহ পৰিচালক ৰেখা মণি বৰা,যোৰহাট সমবায় সমিতিৰ উপ পঞ্জীয়ক প্ৰফুল্ল ৰাজখোৱা,ৰঞ্জন ফুকন,গাওঁ প্ৰধান বীৰেন্দ্ৰ নাথ শইকীয়া,ধনীৰাম শইকীয়া,যোৰহাট জিলা মৃৎ শিল্প সমবায় সমিতি লিমিটেডৰ সভাপতি লক্ষজিত শইকীয়া,যোৰহাট জিলা কুমাৰ সন্মিলনীৰ সভাপতি বিৰেন দত্ত,কাৰ্যকৰী সভাপতি ৰূপেশ্বৰ কলিতাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।উল্লেখযোগ্য এই যে মুখ্যমন্ত্ৰীৰ এই আচঁনিৰ জড়িয়তে ইতিমধ্য জিলাখনৰ নিমাতি,টিঙিৰিমৰা কুমাৰ গাওঁ আৰু টীয়ক সমষ্টিৰ অন্তৰ্গত দগাচুক ইন্দিৰা আদৰ্শ গাৱঁত থলুৱা মৃৎ শিল্পীসকলৰ সহায়ক হোৱাকৈ তথা মৃত শিল্পক ব্যৱসায়িকভাৱে আগবঢ়াই নিবলৈ একোটাকৈ উদ্যোগ আবন্টন দিয়াৰ হৈছে।ইতিমধ্য টিঙিৰিমৰা আৰু টীয়কত এই উদ্যোগৰ শিলান্যাস কৰি কাম আৰম্ভ হৈছে আৰু অতি কম দিনৰ ভিতৰত এই উদ্যোগ কাৰ্যক্ষম হৈ উঠিব যি থলুৱা শিল্পীসকলক অধিক স্বাৱলম্বী কৰি তুলিব।ইপিনে মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যতে বৰ্তমান প্লাষ্টিক বৰ্জনৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপে মৃৎ শিল্পৰ চাহিদা আৰু অধিক বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।লগতে আধুনিক প্ৰযুক্তিৰে মৃতপায় মৃৎ শিল্পটোক জীয়াই তুলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ শলাগ লৈছে।
টীয়কত মৃৎ শিল্পৰ উদ্যোগৰ শিলান্যাস; মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে জিলা কুমাৰ সন্মিলনীয়ে
Posted on by GTM Desk

0 min read
You May Also Like
হাতীগাৱঁৰ অভিজাত ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনা
December 3, 2023
আপুনি জানেনে কিয় ভগৱান শিৱক লিংগ ৰূপত পূজা কৰা হয়?
December 2, 2023
More From Author
হাতীগাৱঁৰ অভিজাত ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনা
December 3, 2023
আপুনি জানেনে কিয় ভগৱান শিৱক লিংগ ৰূপত পূজা কৰা হয়?
December 2, 2023