মিঠা পানীয়, দুগ্ধজাত সামগ্ৰী, মিঠাইৰ সামগ্ৰী, বেক কৰা খাদ্যত যথেষ্ট চেনী থাকে। লগতে ব্ৰেড, বিলাহী চছ, প্ৰ’টিন বাৰ আদি খাদ্যও চেনীৰে ভৰ্তি কৰা হয়।
আহাৰত অতিৰিক্ত চেনীৰ ফলত শৰীৰৰ গুৰুতৰ ক্ষতি হয়। পুষ্টিবিদ দিব্যা কৌৰৰ মতে, অত্যাধিক চেনী খোৱাৰ ফলত ধমনীবোৰ ক্ষতিগ্ৰস্ত হয়। ফলস্বৰূপে, হৃদযন্ত্ৰ ভাগৰুৱা হৈ পৰে। হৃদযন্ত্ৰৰ পেশীবোৰ স্বাভাৱিকতকৈ ডাঠ আৰু জঠৰ হৈ পৰে।
পুষ্টিবিদ দিব্যা কৌৰে অত্যাধিক চেনীৰ ফলত শৰীৰৰ ক্ষতিৰ ওপৰত আলোকপাত কৰিছে। প্ৰথমে, মেদবহুলতা বা অধিক ওজনৰ বিষয়ে কৈছে। তেওঁৰ মতে, অতিৰিক্ত চেনী খোৱাৰ ফলত মেদবহুলতাৰ সমস্যা বৃদ্ধি হ’ব।
হৰমন আৰু প্ৰদাহ হৈছে আকনৰ সমস্যাৰ বাবে দায়ী দুটা শাৰীৰিক স্থিতি। অত্যাধিক চেনী খোৱাটোৱে এই দুটা শাৰীৰিক সমস্যা ব্রণ আৰু শালমইনা বৃদ্ধি কৰে।
চেনীত থকা এক প্ৰাকৃতিক উপাদান গ্লাইকেশ্বনে ছালৰ ক্ষতি কৰে। ই এক নিৰ্দিষ্ট সময়ৰ আগতে ছালত বয়সৰ প্ৰভাৱ পেলায়।
অধিক চেনী খোৱাৰ ফলত শৰীৰত চেনীৰ স্তৰ বৃদ্ধি হয়। ফলস্বৰূপে, অগ্ন্যাশয়ে যথেষ্ট পৰিমাণৰ ইনচুলিন প্ৰস্তুত কৰিব লাগিব যাতে শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।
আহাৰত অতিৰিক্ত চেনী আৰু দাঁতৰ ক্ষয় প্ৰায় একেলগে আহে। চেনী মুখৰ গহ্বৰত লেলাৱতিৰ সৈতে মিহলি হৈ ক্ষতিকাৰক যৌগ গঠন কৰে। ফলস্বৰূপে, দাঁতৰ এনামেল দ্ৰুতগতিত ক্ষয় হয়।