কাজিৰঙাত ২বছৰীয়া “কৃষ্ণ”ই উমলিছে ৩বছৰীয়া “চন্দ্ৰ”ৰ লগত

1 min read

নিউজ ব্যুৰ’,নগাঁও,১আগষ্ট:–বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে পৰিচিত কাজিৰঙাৰ ২০২১বৰ্ষৰ প্ৰলয়ংকাৰী বানত কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা CWRC কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল এটা গঁড়ৰ পোৱালি ৷ উদ্ধাৰ কৰা গঁড় পোৱালিটোৰ তেতিয়া বয়স আছিল মাত্ৰ ৫-১০ দিন ৷ মাতৃহাৰা হোৱা কণমানিটোক উদ্ধাৰ কৰি মাতৃস্নেহেৰে ডাঙৰ দীঘল কৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে । দুবছৰীয়া হ’ল কাজিৰঙাৰ ‘কৃষ্ণ’ নামৰ গড় পোৱালিটো ৷ ২০২১ বৰ্ষৰ আজিৰ দিনটোত বানত উদ্ধাৰ হোৱা মাতৃহাৰা গঁড় পোৱালিটোৱে অতিক্ৰম কৰিলে দুটা বছৰ ৷ “কৃষ্ণ” নামৰ কণমানি গঁড় পোৱালিটোৱে ২বছৰ সম্পূৰ্ণ কৰাত আনন্দিত CWRC কৰ্তৃপক্ষ ৷ চিকিৎসক চামচুল আলীয়ে সংবাদ মাধ্যমক জনোৱা মতে “কৃষ্ণ”ই এতিয়া গাখীৰ এৰি ঘাঁহ খাবলৈ লৈছে ৷ আলীয়ে লগতে কয় যে শীতকালত এজন কৰ্মচাৰীক নিশা গঁড় পোৱালিটোৰ লগত থাকিবলৈ দিয়া হয়,যাতে মাকক হেৰুওৱা বেদনা পোৱালিটোৱে উপলব্ধি কৰিব নোৱাৰে ৷ সমান্তৰালকৈ ২০২০ বৰ্ষত উদ্ধাৰ হোৱা “চন্দ্ৰ” নামৰ আন এটা গঁড় পোৱালীয়েও অতিক্ৰম কৰিলে ৩টি বছৰ ৷ চন্দ্ৰ নামৰ সেই ৩বছৰীয়া পোৱালিটোৰ লগত এতিয়া একেলগে উমলিছে এবছৰীয়া “কৃষ্ণ”ই ৷ কিছুদিনৰ পাছত দুয়োটা গঁড় পোৱালিক পুনৰ উদ্যানত মুকলি কৰি দিব CWRC কৰ্তৃপক্ষই ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author