দিল্লীত আলফাৰ ত্ৰিপাক্ষিক বৈঠক সমাপ্ত, পৰৱৰ্তী বৈঠকক লৈ আশাবাদী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া

1 min read

বহু আশাৰে দীৰ্ঘবিৰতিৰ অন্তত নতুন দিল্লীলৈ গৈ আলোচনাত মিলিত হ’ল আলোচনাপন্থী আলফাৰ নেতৃত্ব ৷ পিছে বৰ বিশেষ ভাল ফলাফল নাপালে আলফাৰ নেতৃত্বই ৷ শুকুৰবাৰে নতুন দিল্লীত সম্পন্ন হয় আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক ৷ চৰকাৰৰ মধ্যস্থতাকাৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হয় ৷

বৈঠকৰ অন্তত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই Mediaক ক’লে— “আজিৰ বৈঠকখনক লৈ বৰ বিশেষ ক’বলগীয়া নাই ৷ অৱশ্যে বৈঠকখন ইতিবাচকভাৱে সম্পন্ন হ’ল ৷ পৰৱৰ্তী বৈঠক কম দিনৰ ভিতৰতে অনুষ্ঠিত হ’ব বুলি আশা কৰিছোঁ ৷

“আজিৰ বৈঠকখনত মধ্যস্থতাকাৰী আৰু গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধিবৰ্গই সকলো বিষয়কে ইতিবাচকভাৱে লোৱা দেখা গ’ল ৷ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰৰ বিষয়টো এতিয়াও ওলমি ৰৈছে ৷ এই বিষয়ত আলোচনা হৈছে ৷ আইনগতভাৱে বিষয়টোৰ সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰা হৈছে”— Mediaক জনালে অনুপ চেতিয়াই ৷

শুকুৰবাৰৰ বৈঠকত আলফাৰ হৈ সাধাৰণ সম্পাদক অনুপ চেতিয়া, সভাপতি অৰবিন্দ ৰাজখোৱা,  বৈদেশিক সচিব শশধৰ চৌধুৰী আৰু উপ সেনাধ্যক্ষ ৰাজু বৰুৱা উপস্থিত আছিল

You May Also Like

More From Author