নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন,শৰ্মিষ্ঠা প্ৰীতমক “ভিউফাইণ্ডাৰ বঁটা” প্ৰদান

1 min read

নিউজ ব্যুৰ’,নগাঁও,২০আগষ্ট:–নগাঁও ছোৱালী মহাবিদ্যালয় আৰু ভিউফাইণ্ডাৰৰ যুটীয়া উদ্যোগত শনিবাৰে বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসৰ লগতে গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱা,দিল্লী ললিত কলা অকাডেমী আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সম্পাদক বিশিষ্ট চিত্ৰশিল্পী কিশোৰ কুমাৰ দাস আৰু বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস উপস্থিত থাকে । বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে ভাষণ প্ৰসংগত বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰাসংগিকতা আৰু বৰ্তমান সময়ৰ আলোকচিত্ৰ শিল্পীসকলৰ দায়িত্বৰ বিষয়ে সুন্দৰ আলোকপাত কৰে । আলোকচিত্ৰ শিল্পী তথা ভিউফাইণ্ডাৰৰ পৰিচালন সঞ্চালক নৃপেন শইকীয়া আঁত ধৰা অনুষ্ঠানত চিত্ৰশিল্পী পল্লৱী শৰ্মাই সম্পাদনা কৰা নগাঁৱৰ পৰা প্ৰকাশিত একমাত্ৰ শিল্পকলাৰ আলোচনী “চিত্ৰপট”ৰ চতুৰ্থ সংখ্যা চিত্ৰশিল্পী অতুল বৰুৱাই উন্মোচন কৰে । ভাষণ প্ৰসংগত চিত্ৰশিল্পী অতুল বৰুৱাই অসমত শিল্পসম্পৰ্কীয় আলোচনীয়েই নহয় লিখা মেলাও বহুত কম হয় বুলি আক্ষেপ প্ৰকাশ কৰি চিত্ৰপটক জীয়াই ৰখাৰ ক্ষেত্ৰত নগাঁৱৰ প্ৰকাশক ভিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠানক প্ৰশংসা কৰে । এই সভাতে প্ৰসিদ্ধ ফটোগ্ৰাফাৰ ড° কুলেন চন্দ্ৰ দাসে উন্মোচন কৰা তথা আলোকচিত্ৰ শিল্পী নৃপেন শইকীয়াই নিৰ্মাণ কৰা নগঞাঁ ভাস্কৰ্যবিদ তথা বাঁহীবাদক অশ্বিনী শৰ্মাৰ জীৱন ভিত্তিক ১০ মিনিট দৈৰ্ঘ্যৰ চুটি তথ্যচিত্ৰখনিয়ে বয়োজ্যেষ্ঠ শিল্পীগৰাকীক জীয়াই থাকোঁতেই উচিত সন্মান জনোৱা বুলি প্ৰশংসা কৰে। উল্লেখযোগ্য যে প্ৰয়াত আলোকচিত্ৰশিল্পী পাৰ্থ সাৰথি বৰুৱা সোঁৱৰণি আলোকচিত্ৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ফটো বঁটা এইবাৰ তেজপুৰ মিছন চাৰিআলিৰ পলাশ পৰাশৰে লাভ কৰে । বিশেষ অসুবিধাবশত তেওঁৰ হৈ বঁটা গ্ৰহণ কৰে জ্যেষ্ঠ ভগ্নী ত্ৰিবেণী শৰ্মাই । এই বঁটাত আছে মানপত্ৰৰ উপৰি নগদ ১০ হাজাৰ টকা আৰু ট্ৰফী । অনুষ্ঠানত প্ৰয়াত লাৱণ্য শইকীয়া সোঁৱৰণী “ভিউফাইণ্ডাৰ বঁটা” এইবাৰ প্ৰদান কৰা হয় দৃশ্যকলাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চৰ্চা চলাই থকা উদীয়মান চিত্ৰশিল্পী সু-সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমক। ললিত কলা অকাডেমীৰ কাৰ্যনিৰ্বাহক সদস্য কিশোৰ কুমাৰ দাসে শৰ্মিষ্ঠা প্ৰীতমক এই বঁটা প্ৰদান কৰি ভৱিষ্যতে শিল্পকলা সম্পৰ্কীয় যিকোনো সহায় শিল্পীগৰাকীকে আদি কৰি নগাঁৱৰ যিকোনো কৰ্মৰত শিল্পীক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । বিশিষ্ট বাঁহীবাদক অশ্বিনী শৰ্মাই বৰগীতৰ বংশীবাদনেৰে অনুষ্ঠানৰ আৰম্ভ কৰা অনুষ্ঠানৰ নগাঁৱৰ ৪গৰাকী সদ্যপ্ৰয়াত শিল্পী পাৰ্থসাৰথি বৰুৱা,গোপাল প্ৰধান, মুকুট চন্দ্ৰ ভূঞা আৰু পুলকানন্দ কৌশিকক ক্ৰমে ড° জ্যোতিৰ্ময় জানা,উজ্জ্বল জ্যোতি দাস,ববিতা শইকীয়া আৰু গোলাপ বৰাৰ ভিডিঅ’ বাণীবন্ধনেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author