পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু অসমীয়া যুৱকৰ

1 min read

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু তিতাবৰ শুকানযানৰ বসন্ত চুতীয়া নামৰ ২০ বছৰীয়া যুৱকজনৰ । যোৱা ২৬ আগষ্টত মৃত্যু হয় যুৱকজনৰ ।

যুৱকজনে শনিবাৰৰ দিনা জ্বৰ অনুভৱ কৰিছিল দিনৰ ভাগত আৰু তাৰ পিছতেই ৰাতি মৃত্যু হয় বসন্ত চুতীয়াৰ । আজি পৰ্যন্ত বসন্ত চুতীয়াৰ নশ্বৰ দেহ ঘৰ আহি পোৱা নাই ঘৰলৈ।

জানিবলৈ পোৱা মতে বেংগালুৰুৰ আৰক্ষী এতিয়ালৈকে একো ব্যবস্থা কৰি দিয়া নাই । অভিযোগ অনুসৰি বেংগালুৰুৰ আৰক্ষীয়ে ৩০,০০০ টকা উৎকোচ বিছাৰিচে ভুক্তভোগী পৰিয়ালৰ পৰা । যাৰ বাবে এতিয়া চিন্তাত পৰিছে পৰিয়াল। এই ক্ষেত্ৰত অসম প্ৰশাসনত উচিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে পৰিয়ালৰলোকে।

You May Also Like

More From Author