‘মা ভাৰতী আকৌ জাগি উঠিছে’, স্বাধীনতা দিৱসৰ ভাষণত ‘মণিপুৰৰ হিংসা’ক লৈ বাৰ্তা দিলে মোদীয়ে!

0 min read

ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে সমগ্ৰ দেশে। এই উপলক্ষে সজাই তোলা হৈছে লালকিল্লা। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ ভাষণত স্থান পালে মণিপুৰৰ পৰিস্থিতি।

মণিপুৰৰ কাষত থকাৰ বাৰ্তা দিলে মোদীয়ে। ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সমগ্ৰ দেশ মণিপুৰৰ সৈতে আছে। মণিপুৰৰ মাতৃ–ভগ্নীসকলৰ সন্মানহানি হৈছে। কিন্তু কিছুদিন ধৰি শান্তি ঘূৰি আহিছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে শান্তি বজাই ৰখাৰ বাবে আৰু তাৰ সমস্যা সমাধানৰ বাবে একেলগে কাম কৰিব। দেশবাসী মণিপুৰৰ সৈতে আছে।’’

আজি লালকিল্লাত স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠানত আমন্ত্ৰিত সাধাৰণ ভাৰতবাসী। কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে, লালকিল্লাত প্ৰধানমন্ত্ৰী মোদীৰ জাতীয় পতাকা উত্তোলন অনুষ্ঠানত বিশেষ মুহূৰ্তৰ সাক্ষী হ’বলৈ মুঠ ১৮০০জন সাধাৰণ নাগৰিকক আমন্ত্ৰণ জনোৱা হৈছে।

আনহাতে, দুবছৰ পূৰ্বে দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত থিয় হৈ ভাৰতক লৈ নতুন অংগীকাৰৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি ৭৭সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সেই অংগীকাৰকে আৰু এঢাপ আগুৱাই নিব বিচাৰিলে মোদীয়ে।

You May Also Like

More From Author