এইবোৰ সমস্যাত নিমপাত মহৌষধ

1 min read

সহজতে পাব পৰা নিমপাতৰ বহু উপকাৰী গুণ আছে৷ প্ৰাচীন কালৰে পৰা নিমপাতৰ পৰা বিভিন্ন ঔষধ প্ৰস্তুত কৰি অহা হৈছে৷ নিমপাতত থকা ঔষধি গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বিশেষকৈ চৰ্মজনিত ৰোগত আক্ৰান্ত হ’লে নিমপাত ভাজি খোৱাৰ উপৰি নিমপাতৰ পানীৰে গা ধুলে সংক্ৰমণ হ্ৰাস পায়৷

শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে যে নিমপাতত থকা নিমবোলাইড নামৰ উপাদানবিধে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে৷ নিমপাতত থকা নিমবোলাইডে কেন্সাৰৰ কোষ ধবংস কৰে৷ তদুপৰি নিমপাতে আন বিভিন্ন শাৰীৰিক সমস্যাতো ঔষধৰ কাম কৰে৷ উল্লেখ কৰা হ’ল নিমপাতে কৰা উপকাৰিতা–

⬛ নিমপাত ৰ’দত শুকুৱাই যিকোনো পাচলিৰ সৈতে সিজাই খাব পাৰি৷

⬛ নিমপাত যিকোনো খাদ্যৰ সৈতে ভাজি খালেও সুফলপোৱা যায়৷

⬛ নিমপাতৰ ৰস পুৱাৰ আহাৰ গ্ৰহণৰ পাছত খোৱাৰ অভ্যাস কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ভাইৰাছজনিত অসুখৰ পৰা হাত সাৰি থাকিব পৰা যায়৷

⬛ বহুতৰে বেঙেনা ভাজিৰ সৈতে নিমপাত মিহলাই খোৱাৰ অভ্যাস৷ সাধাৰণতে নিমপাত তিতাগুণৰ বাবে বহুতে খাবলৈ অসুবিধা পায় যদিও বিভিন্ন ব্যঞ্জন যেনে– ৰঙালাওৰ গুটি, বাদাম আদিৰ সৈতে নিমপাত ভাজি খাব পাৰি৷ বিভিন্ন ব্যঞ্জনৰ উপৰি নিমপাত চাটনি কৰিও খাবপৰা যায়৷

⬛ খালী পেটত কেতিয়াও নিমপাত বা তাৰ ৰস খাব নালাগে৷ বিশেষকৈ এচিডিটিৰ সমস্যা থাকিলে নিমপাত খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত৷

⬛ নিমপাতে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ তদুপৰি নিমপাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়াৰ পৰা পৰিত্ৰাণ পোৱা যায়৷

⬛ নিমপাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷

⬛ জণ্ডিচ আৰু বহুমূত্ৰ ৰোগত নিমপাতৰ ৰস খালে সুফল পোৱা যায়৷

⬛ মহানিমৰ পাত সিজাই তাৰ পানীৰে মূৰ ধুলে উফি নাইকিয়া হয়৷

⬛ মহানিমৰ ব্যঞ্জন খালে সকলো ধৰণৰ জ্বৰ-কাহ, কঁফ আদিৰ পৰা পৰিত্ৰাণ পোৱা যায়৷

⬛ নিমতেল গাত ঘঁহিলে ছালৰ বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

You May Also Like

More From Author