যিয়ে আপোনাক আৱেশ অনুভৱ কৰোৱায়, যাৰ বিষয়ে ভাবি পেটত পখিলা উৰিব ধৰে, যিয়ে আপোনাৰ মুখত এটা সুন্দৰ হাঁহি আনি দিয়ে…সেয়া হৈছে মৰমত কৰা চুম্বন (Kiss)। যদি আপোনাৰ সম্পৰ্কত প্ৰেম আছে, তেন্তে আপোনাৰ নিশ্চিতভাৱে চুম্বনো হ’ব। সমগ্ৰ পৃথিৱীত প্ৰেম প্ৰকাশ কৰিবলৈ চুমা খোৱা হয়। চুমা কেৱল সংগীৰ মাজতে নহয়, এগৰাকী মাতৃয়ে নিজৰ সন্তানক কিমানবাৰ চুমা খায়। পৰিয়ালৰ বৃদ্ধ লোক, আইতাইও গালত চুমা খায়। প্ৰেম প্ৰকাশ কৰিবলৈ ইয়াতকৈ ভাল উপায় নাই। যেতিয়া যুটীয়ে (Couple) ইজনে সিজনক চুম্বন কৰে, ই প্ৰেমৰ লগতে বিভিন্ন শাৰীৰিক লাভালাভ আনি দিয়ে। চুম্বনত Happy Hormones মুকলি হয়। যি চাপ আৰু চিন্তাৰ পৰা সকাহ দিয়ে। চুম্বনে আপোনাৰ মুখৰ পেশী শক্তিশালী কৰে। চুম্বনে মুখ কোঁচ খোৱাৰ সমস্যাও হ্ৰাস কৰে। আহক জানো Kiss কৰিলে কি কি লাভ পোৱা যায়।
১- Happy Hormones মুকলি – চুম্বনে শৰীৰলৈ Happy Hormones আনি দিয়ে। চুম্বনে অক্সিটচিন, ডোপামিন আৰু চেৰোটনিনৰ দৰে ৰাসায়নিক পদাৰ্থ মুকলি কৰে, যি আপোনাৰ অনুভূতি আৰু বন্ধন শক্তিশালী কৰে।
২- মানসিক চাপ উপশম কৰে – চুম্বনে কৰ্টিচোলৰ স্তৰ হ্ৰাস কৰে আৰু আপোনাক চাপমুক্ত কৰে। চুম্বনে মুখত হাঁহি আনি দিয়ে। এনে পৰিস্থিতিত আপুনি চাপ, ভাগৰ আৰু অন্যান্য সমস্যাৰ পৰা আঁতৰি যায়।
৩- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে – আপুনি এই কথাটো জানি আচৰিত হ’ব যে চুমা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। ই অতিসংবেদনশীলতা হ্ৰাস কৰে। এক অধ্যয়ন অনুসৰি, চুম্বনৰ ফলত সংগীৰ Sliva ইজনৰ সিজনৰ মুখত প্ৰৱেশ কৰে, যাৰ ফলত আপোনাৰ মুখত কিছুমান নতুন বীজাণু প্ৰৱেশ হয়। ই শৰীৰৰ সেই বীজাণুবোৰৰ বিৰুদ্ধে এণ্টিবডী সৃষ্টি কৰে আৰু ভৱিষ্যতত আপুনি সেইবোৰৰ বাবে অসুস্থ নহয়।
৪- মুখৰ কোঁচ খোৱা আঁতৰ কৰে – চুম্বনে মুখৰ পেশী শক্তিশালী কৰে। নিৰন্তৰ চুম্বনত ৩৪টা Facial Muscles আৰু ১১২টা Postural Muscles অন্তৰ্ভুক্ত হয়, যাৰ ফলত কোঁচ খোৱা প্ৰতিৰোধ হয় আৰু মুখখন দীঘলীয়া সময়লৈ ধুনীয়া হৈ থাকে।
৫- চুম্বনৰ অন্যান্য লাভালাভ – চিৰযৌৱনা (Young) হৈ থাকিবলৈ চুমাই আপোনাক সহায় কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ওঁঠ, গাল, মুখ, জিভা, থুতুৰি আৰু ডিঙিৰ পেশীৰ ব্যায়াম হয়। চুম্বনে ৰক্ত সঞ্চালন উন্নত কৰে, যাৰ ফলত মুখত কোঁচ খোৱা আৰু বয়স কম হোৱা দেখায়। চুম্বনে আপোনাক স্বাস্থ্যৱান, ধুনীয়া আৰু শক্তিশালী কৰি তোলে।