দেশৰ শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে ২৬টা বিৰোধী দলে ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন কৰিছে৷ ৩১ আগষ্ট আৰু ১ছেপ্টেম্বৰত মুম্বাইত এই মিত্ৰজোঁটৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ’ব৷ তাতেই সমন্বয়ক আৰু আন আন কমিটী গঠন কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব৷ কিন্তু বিৰোধী দলৰ মিত্ৰজোঁটে কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যাৰ সন্মুখীন হোৱাৰ দিশে আগবাঢ়িছে৷ কাৰণ মিত্ৰজোঁটৰ কেইবাটাও দলে নিজা নিজা নেতাক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিবলৈ জোৰ দিছে৷ পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছে দলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰাবলৈ এতিয়াৰে পৰাই জোৰদাৰ প্ৰচাৰ চলাইছে৷ আনহাতে মিত্ৰজোঁটৰ আন এটা দল বিহাৰৰ জনতা দল ইউনাইটেডে নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰিবলৈ দাবী জনাইছে৷ কিন্তু এতিয়া কংগ্ৰেছে দলৰ সাংসদ ৰাহুল গান্ধীক এই পদৰ বাবে প্ৰক্ষেপ কৰে৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটে দাবী কৰে যে বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী৷ কিন্তু গেহলটৰ মন্তব্যৰ সমান্তৰালকৈ শনিবাৰে জেডিইউৰ নেতা শ্ৰৱণ কুমাৰে মন্তব্য কৰে যে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ জনতাই বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নীতিশ কুমাৰকহে বিচাৰে৷ অৱশ্যে নীতিশ কুমাৰে এই পদৰ প্ৰতি আগ্ৰহী হয়নে নহয় সেয়া সময়ে ক’ব৷ আনহাতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ মতেও বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ চেহেৰা হ’ব লাগে ৰাহুল গান্ধী৷ গতিকে কথা হ’ল বিৰোধী মিত্ৰজোঁটে কাক এই সুযোগটো দিব?
কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰাহুল! দাবী গেহলটৰ
Posted on by GTM Desk
0 min read
You May Also Like
আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত হ’ব ধাৰাবাহিক আন্দোলন:আটাছু
November 7, 2024
উপ-নির্বাচন: বঙাইগাঁও আৰু চিদলী সমষ্টিত বিশাল জনসভা মুখ্যমন্ত্ৰীৰ
November 7, 2024
More From Author
আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত হ’ব ধাৰাবাহিক আন্দোলন:আটাছু
November 7, 2024
উপ-নির্বাচন: বঙাইগাঁও আৰু চিদলী সমষ্টিত বিশাল জনসভা মুখ্যমন্ত্ৰীৰ
November 7, 2024