আজি কালি প্ৰায়ভাগ লোকৰে মুখত ডায়েবেটিছৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ডায়েবেটিছক একপ্ৰকাৰৰ ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়৷ এইবিধ ৰোগে আক্ৰান্তজনক ভিতৰৰ পৰা নিঃশেষ কৰি আহে৷ পৰিণতিত ৰোগীৰ মৃত্যু ঘটে৷ সেয়ে ডায়েবেটিছৰ সমস্যা থাকিলে আৰম্ভণিৰে পৰা সচেতন হোৱা উচিত৷ ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বিভিন্নজনে বিভিন্ন দৰৱ খোৱাৰ উপৰিও শৰীৰ চৰ্চাকে ধৰি অন্যান্য উপায়ৰ সহায় লয়৷ ডায়েবেটিছ থাকিলে খাদ্যৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হোৱা উচিত৷ জানি আচৰিত হ’ব যে ডালচেনিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷ আয়ুৰ্বেদ শাস্ত্ৰ মতে ডালচেনিৰে তৈয়াৰ কৰা চাহ পান কৰিলে দেহৰ বিভিন্ন প্ৰদাহ হ্ৰাস পায়৷ তদুপৰি কোনা টিছুৰ ক্ষতি হ’লে বা দেহত আঘাত পালে অথবা তেজ গোট মাৰিলে ডালচেনিৰ চাহ খাব পাৰে৷ ডালচেনিয়ে আন বিভিন্ন শাৰীৰিক সমস্যাও নিৰাময় কৰে৷ উল্লেখ কৰা হ’ল তেনে সমস্যাসমূহ–
হৃদৰোগৰ আশংকা কমায়ঃ ট্ৰাইগ্লিচাৰাইড বা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে ডালচেনিয়ে৷ উচ্ছ ৰক্তচাপো নিয়ন্ত্ৰণত ৰাখে এইবিধ মচলাই৷ ফলত হৃদযন্ত্ৰৰ আশংকা হ্ৰাস পায়৷
পেটৰ সমস্যা কমেঃ বহুতৰে কোষ্ঠ-কাঠিন্য, বদহজম, গেছ আদিৰ দৰে সমস্যা থাকে৷ ডালচেনিয়ে এনে সমস্যা নিৰাময় কৰে৷
ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়েঃ ডালচেনিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ নিতৌ ডালচেনি চাহ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷
ওজন কমায়ঃ যিসকলৰ অত্যধিক ওজনৰ সমস্যা আছে, তেওঁলোকে নিতৌ ডালচেনি চাহ খাব পাৰে৷
ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখেঃ টাইপ-টু ডায়েবেটিছ থাকিলে শৰীৰত ইনছুলিন হৰমনৰ ক্ষৰণ কমি আহে৷ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায় ডালচেনিৰ চাহে ইনছুলিনৰ ক্ষৰণ বঢ়ায়৷