ভাৰত আৰু চীনৰ সীমান্তৰ তীৰ্বতত অৱস্থিত কৈলাশ পৰ্বতলৈ আজিলৈকে যিসকলে বগাবলৈ গৈছে, তেওঁলোক কোনোৱে সু শৰীৰে উভতি অহা নাই। ( Religious Studies )
আটাইতকৈ ওখ পৰ্বত এভাৰেষ্ট শৃংগ বগাই মানুহে কিমান ৰেকৰ্ড কৰিলে। ৮ হেজাৰ মিটাৰ এভাৰেষ্টত গলে অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ যাব লাগে কিন্তু ৬ হাজাৰ ৩৬৮ফুট ওখ কৈলাশ পৰ্ৱতত উঠিলে অক্সিজেনৰ অভাৱ নহয়। তাত ভৰপুৰ অক্সিজেন পোৱা যায়। তথাপিও তালে গলে, মানুহ মৃত্যু মুখত পৰে! এইটোৱে এটা ৰহস্যৰ কাৰণ হৈ পৰিছে।
এবাৰ এজন ৰাছিয়ান ব্যক্তিয়ে সাহস কৰি কৈলাশ পৰ্বতলৈ যাত্রা কৰিলে। তেওঁ কৈলাশ পৰ্বতত উঠি আধা গৈয়ে বুকুৰ ধিপধিপনি দ্ৰুতগতিত বাঢ়িবলৈ ধৰিলে। হাত আৰু ভৰিৰ নখবোৰ দীঘল হৈ আহিবলৈ ধৰিলে। কোনোবাই যেন তেওঁক অতি জোৰেৰে তললৈ ঠেলিছে, তেওঁৰ এনে লাগিল।
তেওঁ সিমানতে যাত্রা সামৰি তললৈ নামি আহিল। আৰু তেওঁৰ লগত কি কি হল সকলো বিৱৰি কলে হি। তাৰপাছত পুনৰ ১৯৯৯চনত ৰাছিয়াৰ আন এদল বৈজ্ঞানিক কৈলাশ পৰ্বতলৈ যাত্রা আৰম্ভ কৰে। তেওঁলোকেও কৈলাশ পৰ্বতত হোৱা ৰহস্যময়ী কথা বিৱৰি কয়হি।
আমাৰ হিন্দু ধৰ্মৰ মতে কৈলাশ পৰ্বত হল মহাদেৱৰ বাসস্থান। গতিকে তাত কোনো মানুহৰ প্ৰৱেশ তেওঁ মানি নলয়। কৈলাশ পৰ্বত দৰ্শন হোৱাটো এক ভাগ্যৰ কথা। তালৈ গলে মানুহৰ মনত এক অনাবিল সুখ অনুভব হৈ বুলি সকলোৱে কয়। ( Religious Studies )
বৈজ্ঞানিক সকলৰ মতেও কৈলাশ পৰ্বত প্ৰাকৃতিক সৃষ্টি নহয়। পিৰামিড আকৃতিৰ বাবে তাত কোনো মানৱ সৃষ্ট বুলি তেওঁলোকে দাবী কৰে। দীঘলীয়া সময়ৰ পৰীক্ষা আৰু অধ্যয়নৰ শেষত, তেওঁলোকে জনায় যে আমাৰ দেহৰ মধ্যবিন্দু যেনেদৰে নাড়ী।
সেইদৰে কৈলাশ পৰ্ৱটো পৃথিৱীৰ মধ্যবিন্দু। সেইঠাইতে চাৰিটা দিশ মিলিচে হি। গতিকে এটা দিশ পাৰ হোৱাৰ লগে লগে মানুহৰ দেহত কিছুমান অস্বাভাৱিক প্ৰতিক্ৰিয়াত প্ৰভাৱ পৰে। মানুহে নিজৰ হাত ভৰিৰ নখবোৰ দীঘল হোৱাৰ অনুভৱ কৰে আৰু বয়স বাঢ়ি যোৱাৰ দৰে লাগে।
তাৰপৰা ১কিলোমিটাৰ দূৰত ব্ৰহ্মতাল অৱস্থিত। ব্ৰহ্মতাল দেখিবলৈ সূৰ্য্যৰ দৰে। বছৰি হাজাৰ হাজাৰ লোক ব্ৰহ্মতাল দৰ্শনৰ বাবে যায়। তাত এটা হ্ৰদ আছে, যাৰ পানী মিঠা। অলপ আঁতৰত আছে ৰাক্ষসতাল। কিন্তু তাৰ পানী তিতা আৰু খাৰুৱা। এইবোৰ ৰহস্যময় কথা আন কতো দেখা নাযায়।
শেষবাৰৰ বাবে কৈলাশ পৰ্বতৰ যাত্রা ২০০১চনত কৰা হৈছিল। তাৰ পাছৰে পৰা কৈলাশ পৰ্বতত উঠা বন্ধ কৰি দিয়া হল। ।