বিবাহিত নাৰী, ত্ৰিকোণ প্ৰেমৰ পৰিণতিত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

1 min read

বৃহস্পতিবাৰে খানাপাৰাত দুৰ্বৃত্তৰ গুলী বুকুৰে সৰকি গৈছিল অঞ্জন নাথ নামৰ এজন যুৱকৰ। দুৰ্বৃত্তৰ গুলীত ঢলি পৰা অঞ্জনৰ হাস্পতালত মৃত্যু হয়। এই গুলীচালনাৰ ঘটনাৰ মাষ্টাৰমাইণ্ডসহ ৭জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধৃত সৌৰভ গোৱেংকা, গোবিন্দ কুমাৰ আৰু অৰবিন্দ ৰায়ক আঠগাঁও আৰু ভৰলুমুখৰ পৰা আৰক্ষীয়ে দেওবাৰে নিশা আটক কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে ঘটনাত ব্যৱহৃত AS 01EB 3684 নম্বৰৰ বাইকখনো জব্দ কৰে। আজি মৃত অঞ্জনৰ পত্নী গীতাশ্ৰী সিনহা, গীতাশ্ৰীৰ পিতৃ অৰিজিৎ সিনহা, মাতৃ ঝৰ্ণা সিনহা আৰু ভাতৃকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, অঞ্জনৰ পত্নী গীতাশ্ৰী সিনহাৰ সৈতে সৌৰভ গোৱেংকাৰ আছিল অবৈধ সম্পৰ্ক। তেওঁলোকৰ সম্পৰ্কৰ মাজত বাধা হৈ থিয় দিয়া বাবেই দুয়ো মিলি অঞ্জনক হত্যাৰ পৰিকল্পনা কৰিছিল। যাৰ ফলশ্ৰুতিত খানাপাৰাত সুযোগ বুজি সৌৰভ গোৱেংকাই শূন্য দূৰত্বৰ পৰা অঞ্জনলৈ গুলীচালনা কৰি হত্যা কৰিছিল।

অভিযুক্ত সৌৰভ গোৱেংকাৰ ঘৰ ভৰলুমুখৰ শ্লুইছ গেটত। সৌৰভৰ নিৰ্দেশতে হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টল ধৃত গোবিন্দই আনিছিল বিহাৰৰ সমষ্টিপুৰৰ পৰা। গোবিন্দ কুমাৰৰ ঘৰ বিহাৰৰ সমষ্টিপুৰত আৰু বৰ্তমান গুৱাহাটীৰ ভূতনাথত থাকে। আনহাতে, ধৃত অৰবিন্দৰ ঘৰ বিহাৰৰ বৈশালীত, কিন্তু কুমাৰপাৰাত বাস কৰি আছে। পত্নীৰ অবৈধ প্ৰেমেই কাল হ’ল অঞ্জনৰ।

You May Also Like

More From Author