ফেচবুকত এটা পেজ আছে ৷ পেজটোৰ নাম ‘Biswajit FB Page’ পেজটোৰ স্বত্বাধিকাৰী ঢেকিয়াজুলীৰ বিশ্বজিৎ বিশ্বাস ৷ সমাজত চলি থকা অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে মাত এষাৰ দিওঁ বুলি তেওঁ য’তে-ত’তে প্ৰৱেশ কৰি মোবাইল ফোনত ভিডিঅ’ প্ৰস্তুত কৰে আৰু নিজৰ পেজটোত আপলোড কৰে ৷ কেতিয়াবা যদি সুৰাৰ ঘাটি বিচাৰি যায়, কেতিয়াবা যায় নাৰীদেহ ব্যৱসায়ী চক্ৰ বিচাৰি ৷ এইবোৰ কৰি থাকোতে মঙলবাৰে এখন ঘৰৰ গৃহস্থ আৰু আৰক্ষীৰ ৰোষত পৰিল বিশ্বজিৎ বিশ্বাস ৷</p><p>তেজপুৰৰ হজাৰাপাৰৰ এখন ঘৰত মঙলবাবে হঠাৎ এন্ট্ৰী মাৰিলে বিশ্বজিতে ৷ ঘৰখনৰ ভিতৰত এফালৰ পৰা ভিডিঅ’ প্ৰস্তুত কৰিলে ৷ বিশ্বাসে শুনা মতে হেনো ঘৰখনত নাৰীদেহৰ ব্যৱসায় চলে ৷ তাৰেই চৰজমিন তদন্ত কৰিবলৈ যোৱা বিশ্বজিতক ঘৰখনৰ গৃহস্থই আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে ৷ সাংবাদিকতাৰ অ-আ নজনাকৈ আনৰ ঘৰত প্ৰৱেশ কৰা বিশ্বজিতক গাড়ীত ভৰাই লৈ গ’ল লালমাটি আৰক্ষী চকীৰ লোকে ৷
নাৰীদেহ ব্যৱসায়ৰ চৰজমিন তদন্ত কৰিবলৈ গৈ দশা বেয়া হ’ল ফেচবুক পেজৰ মালিকৰ
Posted on by GTM Desk

1 min read
You May Also Like
ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত
February 11, 2025
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
More From Author
ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত
February 11, 2025
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025