প্ৰথমবাৰৰ বাবে পৱিত্ৰ বুখাৰী শ্বৰীফ অসমীয়া ভাষাত অনুবাদ

1 min read

 

 

নগাঁৱত অসমীয়া বুখাৰী শ্বৰীফ প্ৰথম খণ্ডৰ উন্মোচনী সভাত ইছলামিক পণ্ডিত মুফতি আশ্বৰফ উদ্দিন কাছিমী

বুখাৰী শ্বৰীফ এখন কিতাপ নহয়, ই এক আত্মশুদ্ধিৰ সন্ধান দিয়া দিক দৰ্শন

ইছলামৰ সংবিধান খ্যাত বুখাৰী শ্বৰীফ প্ৰথমবাৰৰ বাবে অসমীয়ালৈ অনুবাদ কৰি উলিয়ালে বিশিষ্ট ইছলামিক পণ্ডিত তথা সদৌ অসম তালিমী তৰক্কী ব’ৰ্ডৰ সাধাৰণ সম্পাদক মুফতি মুজাহিদুল ইছলাম কাছিমীয়ে। তদুপক্ষে আজি নগাঁও জিলা সাহিত্য সভা কাৰ্যালয়ৰ কমলাদেৱী তোদী ভৱনত অনুষ্ঠিত অসমীয়া বুখাৰী শ্বৰীফ(১ম খণ্ড) শুভ উন্মোচনী সভাত ধৰ্মীয় গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত গোমাফুলবাৰী টাইটেল মাদ্ৰাছাৰ প্ৰাক্তন অধ্যক্ষ মুফতি শ্বেখ আশ্বৰফ উদ্দিন কাছিমীয়ে কয়, “বুখাৰী শ্বৰীফ কেৱল মাত্ৰ এখন কিতাপেই নহয়, ই এক আত্মশুদ্ধিৰ পথ দেখুওৱা এক দিক দৰ্শন। এনে কিতাপ অধ্যয়নে মানুহক শুদ্ধ পথৰ সন্ধান দিব পাৰে।” সেয়ে, তেওঁ বুখাৰী শ্বৰীফ অধ্যয়ন কৰি সকলোকে জীৱন ধন্য কৰাৰ আহ্বান জনায়। অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আহমদ আনফৰে সভাপতিত্ব কৰি দিয়া ভাষণত কয়, “ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিবলৈ কষ্ট কৰিব লাগিব। অকল শিক্ষা গ্ৰহণ কৰিলেই নহ’ব ইয়াক বাস্তৱত পালন কৰিব লাগিব। আল্লাহৰ নবী সকলেও বহু কষ্টৰ বিনিময়ত বহু দূৰ বাটকুৰি বাই শিক্ষা গ্ৰহণ কৰিছিল। “। তেওঁ লগতে কয়, “জীৱন ধন্য কৰিবলৈ নিজৰ ওপৰত অধিক বিশ্বাস আৰু আস্থা পোষণ কৰিব লাগিব।

You May Also Like

More From Author