ডায়েবেটিছ বা মধুমেহ ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে। বিভিন্ন কাৰণত এজন লোক বহুমূত্ৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। সেইসমূহৰ ভিতৰত খাদ্যজনিত, জীৱন ধাৰণৰ পদ্ধতি, মানসিক চাপ, বংশগত, মেদবহুলতাজনিত আদি প্ৰধান কাৰণ।
বহুমূত্ৰ বা মধুমেহ মূলত হৈছে এক হৰম’নজনিত ৰোগ। আমাৰ শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰিলে অথবা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হলে এই ৰোগ হয়।
তলত উল্লেখ কৰা ঘৰুৱা কিছুমান খাদ্যৰ দ্বাৰা আমি তেজৰ ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখি বহুমূত্ৰ ৰোগৰ পৰা হাত হাৰিব পাৰো। এই চিকিৎসা পদ্ধতি যথেষ্ট ফলদায়ক হোৱাৰ লগতে ইয়াৰ কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নাথাকে।
জামুক
দক্ষিণপূব এছিয়াৰ দেশসমূহৰ লগতে ভাৰত উপমহাদেশত প্ৰচুৰ পৰিমাণে উপলব্ধ জামুকৰ যথেষ্ট ঔষধি গুণ আছে। খনিজ দ্ৰব্য তথা লৌহ পদাৰ্থৰে পৰিপূৰ্ণ জামুকত প্ৰটিন,শৰ্কৰা,ভিটামিন এ,বি,চি আৰু অন্যান্য পোষক পদাৰ্থও থাকে। আমৰ ৰস আৰু জামুকৰ ৰস সমপৰিমাণে মিহলাই সেৱন কৰা পানী বহুমূত্ৰ ৰোগীৰ বাবে লাভজনক।
নিয়মীয়াকৈ জামুক খোৱা কৰিলে বহুমূত্ৰ ৰোগীৰ ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে, ইয়াৰ উপৰি জামুকৰ বীজেও আমাৰ ব্লাড ছুগাৰ লেভেল কম কৰি ৰখাত সহায় কৰে। জামুকৰ বীজতো প্ৰটিন, কেলছিয়াম আৰু কাৰ্বহাইড্ৰেট পোৱা যায়। জামুকৰ বীজ গুড়ি কৰি পানীত মিহলি কৰি খালে ছুগাৰ লেভেল কমি থাকে।
ঔটেঙা
অসমৰ হাবিয়ে বননিয়ে হোৱা ঔটেঙাৰ আছে বহু বনৌষধি গুণ। ভিটামিন চি, ভিটামিন ই, ভিটামিন বি কম্প্লেক্স, পটেছিয়াম আদি বিভিন্ন পুষ্টিদ্ৰব্য থকা ঔটেঙাৰ আছে ৰোগ প্ৰতিৰোধী ক্ষমতা। ই বহুমূত্ৰ ৰোগীৰ ব্লাড ছুগাৰ লেভেল কমাই ৰখাত সহায় কৰে।
ইনচুলিনগছ
ইংৰাজীত ফিয়েৰি কষ্টাছ (fiery costus) নামেৰে জনাজাত ইনচুলিন গছ কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি উদ্ভিদ। বহুমূত্ৰ ৰোগ উপশম কৰাৰ গুণ থকা বাবে ভাৰতত এই উদ্ভিদক ইনচুলিন প্লেণ্ট বুলি জনা যায়।
এই গছৰ পাতে তেজৰ ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখে। পাতবিলাক কেঁচাকৈ বা গুড়ি কৰি খাব পাৰি। দৈনিক ৰাতিপুৱা খালী পেটত এখিলা ইনচুলিন গছৰ পাত খাই ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখক।
অৰ্জুনগছ
অৰ্জুন গছ বহুবৰ্ষীজীৱী চিৰসেউজীয়া গছ। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন। অৰ্জুন গছৰ বাকলি বৰ উপকাৰী। অৰ্জুন গছৰ বাকলি গুড়ি কৰি খাব পাৰি। ৰাতিপুৱা এগিলাছ অৰ্জুন গছৰ বাকলিৰ গুড়ি মিহলোৱা পানী বা এগিলাছ পানীত অৰ্জুন গছৰ বাকলি ৰাতিটো তিয়াই ৰাখি তাক পিছদিনা পুৱা খালে বহুমূত্ৰ ৰোগৰ পৰা নিৰাময় পাব পাৰি। তদুপৰি হৃদপিণ্ডৰ ৰোগত অৰ্জুন গছৰ বাকলি গুড়ি কৰি খালে উপকাৰ পোৱা যায়।
আমলখি
আমলখি এবিধ ঔষধি গুণসম্পন্ন ফল। ই আমাৰ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰা শক্তি বৃদ্ধি কৰাৰ লগতে ইয়াৰ প্ৰায় সকলো ৰোগ আৰোগ্য কৰাৰ ক্ষমতা আছে। দৈনিক ২-৩ টা আমলখি খালে আমাৰা ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে। আমলখিৰ গুড়ি পানীত মিহলি কৰিও খাব পাৰি।