‘বিগ বছ ১৭’ৰ খিতাপ দখল কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ

0 min read

‘বিগ বছ ১৭’ৰ খিতাপ দখল কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ; ট্ৰফীৰ লগতে নগদ ৫০ লাখ টকা আৰু এখন নতুন বাহন লাভ
দেশৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ ছিজন ১৭ৰ বিজয়ী হিচাপে ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে খিতাপ দখল কৰিছে। বলীউডৰ তথা টেলিভিছনৰ অভিনেত্ৰী অংকিতা লোখাণ্ডেক পৰাস্ত কৰি মুনাৱাৰে ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে।

এই শ্ব’ৰ হোষ্ট তথা বলীউডৰ অভিনেতা ছলমান খানে মুনাৱাৰ ফাৰুকীক বিজয়ী হিচাপে ঘোষণা কৰে। মুনাৱাৰে ট্ৰফীৰ লগতে নগদ ৫০ লাখ টকা আৰু এখন নতুন গাড়ী লাভ কৰে।

বলীউডৰ অজয় ​​দেৱগন আৰু আৰ মাধৱন বিশেষ অতিথি হিচাপে ৰিয়েলিটি শ্ব’টোৰ ফাইনেলত উপস্থিত থাকে। অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু সুনীল চেট্টীও নিজৰ আগন্তুক নৃত্য ৰিয়েলিটি শ্ব’ৰ প্ৰচাৰৰ বাবে বিগ বছৰ ফাইনেলৰ অংশ হয়।

বিগ বছ ১৭ৰ শীৰ্ষ ২ স্থানত মুনাৱৰ আৰু অভিষেক উপনীত হয়। পিছত মুনাৱৰে বিপুল ভোটদানৰ জৰিয়তে অভিনেতা অভিষেক কুমাৰক পৰাজিত কৰে। মুনাহৰে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত তেওঁক সমৰ্থন কৰাৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনায়। লগতে ছলমান খানৰ সৈতে বিগ বছ ১৭ৰ ট্ৰফী লৈ এখন ছবিও পোষ্ট কৰে।

প্ৰতিযোগিতাৰ শীৰ্ষ ৫ গৰাকীৰ ভিতৰত কমোডিয়ান মুনাৱাৰ ফাৰুকী, অভিনেতা অভিষেক কুমাৰ, অভিনেত্ৰী মানাৰা চোপ্ৰা, অভিনেত্ৰী অংকিতা লোখাণ্ডে আৰু ইউটিউবাৰ অৰুণ শ্ৰীকান্ত মাহচেট্টী আছিল। ফাইনেলত ট্ৰফীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা অৰুণ মাহচেট্টী শীৰ্ষ ৪ৰ পৰা বাহিৰ হয়। বিগ বছ ১৭ৰ শীৰ্ষ ৩ৰ পৰা অভিনেত্ৰী অংকিতা বাহিৰ হয়। মানাৰা চোপ্ৰা দ্বিতীয় ৰানাৰআপ হৈছে।

২০২২ চনত ফাৰুকীয়ে ৰিয়েলিটি টিভি শ্ব’ লক আপৰ প্ৰথম ছিজনত জয়লাভ কৰে। ইয়াৰ হোষ্ট আছিল অভিনেত্ৰী কংগনা ৰানাৱট।

২০২৩ চনৰ ১৫ অক্টোবৰত বিগ বছৰ ১৭ম ছিজনত ঐশ্বৰ্য শৰ্মা, নীল ভাট, ইশা মালভিয়া, জিগনা বৰা, ফিৰোজা খান, বিকি জৈন, আয়েছা খান, অনুৰাগ ডোবাল আৰু ৰিংকু ধাৱানকে ধৰি ১৭ গৰাকী প্ৰতিযোগীৰ সৈতে আৰম্ভ হয়।

You May Also Like

More From Author