APSC Scam: বেংকৰ ধন লুটি জে’লত থকা প্ৰিয়ংকা বৰুৱাক ‘ভাল ছোৱালী’ বুলি কোন বিষয়াই দিছিল কেৰেক্টাৰ চাৰ্টিফিকেট?

1 min read

সদ্য নিযুক্তিপ্ৰাপ্ত APSC CCE 2022ৰ ফলাফলত পুনৰ বিসংগতিৰ ভয়ংকৰ অভিযোগ। দেওবাৰে সংবাদমেল পাতি তথ্যসহ এই অভিযোগ দাঙি ধৰিলে Fight Against Injustice of APSC নামৰ সংগঠনটোৱে ৷ তেওঁলোকৰ প্ৰশ্ন প্ৰিয়ংকা বৰুৱা কাণ্ডক কিয় গাপ দিছে চৰকাৰে? প্ৰিয়ংকা আখ্যান! APSCৰ জ্ঞাতসাৰেই ACS পদত বাছনি হৈছিল প্ৰিয়ংকা বৰুৱা। কোন বিষয়াই চহী কৰিছিল প্ৰিয়ংকাৰ চাৰিত্ৰিক প্ৰমাণপত্ৰত? জে’লৰ পৰা আহিয়েই APSCৰ TOP 30ত স্থান পাইছিল প্ৰিয়ংকা বৰুৱাই।

ৰহস্যজনকভাৱে ACSত বাছনি হৈও নিযুক্তি নোপোৱা প্ৰিয়ংকা বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে আন কেতবোৰ ভয়ংকৰ অভিযোগ ৷ দেওবাৰে সংবাদমেল পাতি তথ্যসহ প্ৰিয়ংকাৰ বিৰুদ্ধে এই অভিযোগ দাঙি ধৰিলে Fight Against Injustice of APSC নামৰ সংগঠনটোৱে। পৰীক্ষাৰ নিয়ম অনুসৰি APSC CCEৰ মূল পৰীক্ষাত বহা সকলো প্ৰাৰ্থীৰ চাৰিত্ৰিক প্ৰমাণপত্ৰত দুগৰাকী Eminent Personalitiesয়ে চহী কৰিব লাগে ৷ কিন্তু পৰীক্ষাৰ কেইদিনমান পূৰ্বে কাৰাগাৰৰ পৰা অহা প্ৰিয়ংকাৰ Character Certificateত কোনে চহী কৰিছিল? সংগঠনটোৰ অভিযোগ কোনো এজন বিশেষ ব্যক্তিয়ে সহায় কৰিছিল প্ৰিয়ংকাক, যাৰ বাবে শীৰ্ষ ৩০ জনৰ তালিকাত স্থান লাভ কৰিছিল প্ৰিয়ংকা বৰুৱাই।

সংগঠনটোৱে লগতে কয় যে APSCত এতিয়াও বহু বিসংগতি আছে ৷ সংগঠনটোৰ অভিযোগ অনুসৰি, আয়োগৰ অধ্যক্ষ নিযুক্তি দিব লাগিছিল মুখ্যমন্ত্ৰী, বিৰোধী দলপতি আৰু বিধান সভাৰ অধ্যক্ষই ৷ কিন্তু এই নিয়ম উলংঘন কৰি ৰাতিটোৰ ভিতৰতেই অধ্যক্ষৰূপে স্থলাভিসিক্ত কৰিছিল ভাৰত ভূষণ দেৱ চৌধুৰীক ৷ কিন্ত সেইগৰাকী ভাৰত ভূষণ দেৱ চৌধুৰী আছিল ২০১৪ৰ APSCৰ বিতৰ্কিত মুখ্য পৰীক্ষা নিয়ন্ত্ৰক। এনেধৰণৰ বহু অভিযোগ তুলি চৰকাৰ আৰু আয়োগলৈ প্ৰশ্ন তুলিলে সংগঠনটোৱে ৷ গতিকে সংগঠনটোৰ এইসমূহ উত্তৰ কেনেদৰে সংশ্লিষ্ট বিভাগে দিয়ে সেয়া হ’ব লক্ষণীয়।

You May Also Like

More From Author