পিয়াঁজ খোৱাৰ উপকাৰিতা-
পিয়াঁজত ভিটামিনকে ধৰি খনিজ পদাৰ্থ আৰু আহঁৰ বাবে উত্তম উৎস।যিয়ে বহু ধৰণৰ স্বাস্থ্য উপকাৰিতা প্ৰদানৰ কাম কৰে।
১/কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে-
পিয়াঁজক বহু ৰাসায়নিক পদাৰ্থৰ ভৰাঁল বুলি গণ্য কৰা হয়।যিয়ে-কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।ইয়াৰ বাহিৰেও-পিয়াঁজত কুইৰচেটিন নামৰ এটা পুষ্টিকৰ উপাদান থাকে।যিটো আটাইতকৈ চহকী উপাদান সমূহৰ ভিতৰত অন্যতম।ইয়াৰ কাম হল-কেঞ্চাৰ সৃষ্টিকাৰী পদাৰ্থ ৰোধ কৰা।পিয়াঁজ সেৱন কৰিলে হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।
২/হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰে-
পিয়াঁজত জৈৱিক চালফাৰ যৌগ থাকে।এই যৌগবোৰৰ বাবেই-পিয়াঁজৰ সোৱাদ কাঢ়া হয়।পিয়াঁজত জৈৱিক চালফাৰ যৌগযুক্ত উপাদান থাকে-যিয়ে শৰীৰত কলেষ্টৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু তেজৰ জমা ভাঙি পেলোৱাত সহায় কৰে।লগতে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও কমি যায়।পিয়াঁজ সিজোৱাৰ পাছত খোৱাতকৈ কেচাঁকৈ খোৱাই ভাল।
৩/নিয়ন্ত্ৰণত থাকে ডায়েবেটিছ-
পিয়াঁজত থকা কুৱেৰচেটিন আৰু জৈৱিক চালফাৰ যৌগ দুয়োটাই ইনচুলিন উৎপাদন বৃদ্ধি কৰে বুলি জনা যায়।যাৰ বাবে-ডায়বেটিছ ৰোগীয়ে পিয়াঁজ খোৱাটো প্ৰয়োজনীয়।
৪/এলঝেইমা ৰোগৰ সম্ভাৱনা কমি যায়-
বিশেষকৈ পিয়াঁজত ফ্লেভন’ইড প্ৰচুৰ পৰিমাণে পোৱা যায়।গৱেষণাৰ মতে-যিসকল লোকৰ খাদ্যত ফ্লেভন’ইড অন্তৰ্ভূক্ত কৰা হয়-তেওঁলোকৰ এলঝাইমা ৰোগৰ সম্ভাৱনা কম হয়।