হাত দাঙিলে জোনমণিৰ মাতৃয়ে ,গোচৰ উঠাই ল’লে জোনমণিৰ মাতৃয়ে

1 min read

কান্দি কান্দি গোচৰ উঠাই লোৱাৰ কথা ঘোষণা জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃৰ। CBI এ জোনমণি ৰাভা কাণ্ডৰ গোচৰ সামৰাৰ পিছত হতাশ হৈ পৰিছে দুখুনী মাতৃ। জোনমণিৰ ৰহস্যজনক মৃত্যুৰ পাছত দুৰাৰোগ্য ৰোগে কাঢ়ি নিলে পুত্ৰক। অকালতে পুত্ৰ আৰু কন্যাক হেৰুৱাৰ দুখত দেহা থৰক বৰক হৈ পৰিছে মাতৃৰ। মনত দুখৰ ভৰ। হাতত নাই ধন। এনে অৱস্থাত অকলশৰে গুৱাহাটীৰ পৰা কলিয়াবৰলৈ তাঁতবাটি কাঢ়িবলৈ গাত বল নাই মাতৃৰ।কাৰো পৰা ধন বিত লৈ গোচৰ উঠাই লোৱা বুলি নাভাবিবলৈ আকুল আহ্বান জোনমণি ৰাভাৰ মাতৃৰ।

বিগত ২০২৩ বৰ্ষৰ ১৫ মে’ৰ পুৱতি নিশা ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। জখলাবন্ধাৰ সৰুভগীয়াত চূৰ্ণ-বিচূৰ্ণ গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছিল জোনমণিৰ মৃতদেহ। কন্যৰ মৃত্যুৰ সৈতে নগাঁৱৰ তদানীন্তন SP লীনা দলে, তেতিয়াৰ ASP Crime ৰূপজ্যোতি কলিতা, নগাঁও সদৰ থানাৰ তদানীন্তন OC মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন IC আভাজ্যোতি ৰাভা জড়িত থকাৰ পোনপতীয়া অভিযোগ আনিছিল এইগৰাকী মাতৃয়ে।

আনকি নগাঁও আৰক্ষীয়ে গৰু চোৰৰ পৰা ঘোচ খোৱাৰো গুৰুতৰ অভি়যোগ আনিছিল মাতৃয়ে। লগতে কন্যাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি জখলাবন্ধা থানাতো এজাহাৰ দিছিল মাতৃয়ে। সেই গোচৰ বিচৰাধীন হৈ থকাৰ মাজতে CBI এ লৈছিল জোনমণি কাণ্ডৰ তদন্তৰ দায়িত্ব। ইতিমধ্যে সামৰণি পৰা তদন্তত পথ দুৰ্ঘটনাৰ পৰিণতিতে জোনমনি ৰাভাৰ মৃত্যু হোৱা বুলি স্পষ্টকৈ ঘোষণা কৰিছিল CBIএ। সেই ঘোষণাৰ পাছত অসম আৰক্ষীৰ ওপৰত মুঠেও বিশ্বাস নোহোৱা হ’ল জোনমণি ৰাভাৰ মাতৃৰ। সেই বিশ্বাসহীনতাৰ বাবেই গোচৰ উঠাই লোৱাৰ সিদ্ধান্ত দুখুনী মাতৃৰ। এই সিদ্ধান্ততে ওৰ পৰিল এটা কৰুণ অধ্যায়ৰ।

You May Also Like

More From Author