মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণত ১০খনৰ অধিক হ’ব নোৱাৰিব কনভয়ৰ বাহন, চৰকাৰী অনুষ্ঠানত খুৱাব নোৱাৰিব আমিষ খাদ্য

1 min read

এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক মিলি ১০খনৰ অধিক বাহন থাকিব নোৱাৰিব কনভয়ত। আজি জনতা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভিআইপি সংস্কৃতি নোহোৱা কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে বৈঠকত কয়, আমি নন ভিআইপি কালচাৰ কৰিব বিচাৰিছো। ৰাজনীতিৰ ব্যক্তিৰ কাৰণে এখন গাড়ী দিব। ডিচি, এছপি মিলি কনভয়ত ১০খনৰ অধিক গাড়ী হ’ব নোৱাৰিব মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত। ষ্টেট গেষ্টৰ বাহিৰে বাকী কাকোৱে আমিষ খাদ্য খুৱাব নোৱাৰিব, বিভাগে খুৱালেও নহ’ব, এয়া কঠোৰ নিৰ্দেশ।

অহা মাহত লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এতিয়াৰ পৰা গুৱাহাটীৰ বাহিৰত কেবিনেট হোৱাৰ দিনা মন্ত্ৰীসকল একেটা সময়তে নাযাব, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যাব। নহ’লে সেই স্থানত এক বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়।

লগতে চৰকাৰী অনুষ্ঠানত নিৰামিষ খাদ্যৰে আপ্যায়ন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মোৰটো এনেও ডায়েবেটিছ আছে, মই নাখাওঁ। মানুহে ইমান নিগেটিভ কথা কয়, খোৱাৰ পিছত উলিয়াই দিম যেন লাগে।’’

ইফালে, অৰুণোদয় আঁচনি সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ড০ শৰ্মাই কয়, অৰুণোদয়ৰ ক্ষেত্ৰত অলপ খেলিমেলি হৈছে। ফোন নম্বৰ বেলেগে দিছে, বেলেগে টকা উলিয়াই আছে। ফৰ্ম ফিল-আপ কৰাজনে পিন নম্বৰ লৈছে, টকা বেলেগে উলিয়াই আছে। এইটো বেয়া হৈছে। কেতিয়াবা কোনোবা ঢুকাইছে কিন্তু পৰিয়ালে টকা উলিয়াই আছে। অৰুণোদয় ৩ৰ ক্ষেত্ৰত আমি ৰাইজক প্ৰশিক্ষণ দিব লাগিব। ৰাইজক ভালকৈ জনাব লাগিব।

You May Also Like

More From Author