এতিয়াৰে পৰা উজনিবাসীয়ে সহজতে পাব মুখ্যমন্ত্ৰীক; ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে নতুন সচিবালয়

1 min read

সচিবালয় মুকলিৰ পূৰ্বে সামাজিক মাধ্যমত এক ভিডিঅ’ পোষ্ট কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে,”অসমৰ জনসাধাৰণৰ একেবাৰে ওচৰত মই থাকিব বিচাৰোঁ৷ তাৰেই এক অংশ হিচাপে কিছু সময় পাছতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় ৰাইজৰ বাবে উছৰ্গা কৰিম। আপোনালোকে জানি সুখী হ’ব যে ইয়ে আমাৰ উজনি অসমৰ জনসাধাৰণৰ সেৱাৰ সম্প্ৰসাৰণ ঘটাব আৰু সেই জিলাসমূহৰ বাবে আমি কৰা উন্নয়নী প্ৰচেষ্টাক অধিক সুচল কৰিব৷”

উজনি অসমৰ জনসাধাৰণৰ বাবে প্ৰতি মাহৰ চাৰিটা দিন ডিব্ৰুগড়ত থাকিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।উজনি অসমৰ জিলাসমূহৰ জনসাধাৰণ তথা জিলাসমূহৰ উন্নয়নী যাত্ৰাক অধিক ত্বৰান্বিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে সচিবালয়৷ উজনি অসমৰ ৯খন জিলাৰ ৭৯ লাখ লোকৰ নিৰীক্ষণ, দ্ৰুত অভিযোগ নিষ্পত্তিকে ধৰি বিভিন্ন সুবিধা এই সচিবালয়ৰ পৰাই লাভ কৰিব বুলি আশা কৰা হৈছে।

You May Also Like

More From Author