পহিলা অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

1 min read

নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে অপেক্ষা কৰি থকা সকলো পৰ্যটকৰ বাবে এটা সুখবৰ। অহা ১অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু লগে লগে নতুন পৰ্যটন বৰ্ষ ২০২৪-২০২৫ আৰম্ভ হ’ব। ১অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশে জনোৱা মতে চলিত বৰ্ষৰ বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থকা কিছু দলং ভগাৰ ফলত দলং তথা বাট-পথসমূহ মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব ৷ তাৰ পিচতে অক্টোবৰৰ প্ৰথম সপ্তাহত দেশী-বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে মুকলি কৰা হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইবোৰ বনাঞ্চল সদ্যহতে মুকলি কৰা সম্ভৱ নহ’ব৷ সেয়েহে ১অক্টোবৰত প্ৰথমে কহঁৰা,বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকক জীপ চাফাৰিৰ বাবে মুকলি কৰা হ’ব বুলি জাননীযোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ উল্লেখ যোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগত থকা সকলোবোৰ পথ মেৰামতি কৰি সম্পূৰ্ণ নোহোৱালৈকে ১অক্টোবৰৰ পৰা আংশিকভাৱে মুকলি কৰা হ’ব। কহঁৰা বনাঞ্চলৰ দফলআং টাৱাৰ আৰু ভৈছামাৰিলৈকে,বাগৰি বনাঞ্চলৰ ডোঙা টাৱাৰ আৰু বিমলিলৈকে, বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলুলৈকেহে পৰ্যটকে জীপ চাফাৰিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব পাৰিব।উল্লেখ্য যে প্ৰতিবছৰে মে’ মাহৰ পৰা অক্টোবৰ মাহলৈকে ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ থাকে। প্ৰকাশ কৰা এখন জাননীৰ জৰিয়তে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল বন বিষয়াৰ কাৰ্যালয়ে ঘোষণা কৰে যে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল পুনৰ মুকলি কৰা হ’ব ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author