ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে বোৱাৰী পলায়নৰ ঘটনা; এইবাৰ স্বামীৰ টকা লৈ পলায়ন

0 min read

ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে বোৱাৰী পলায়নৰ ঘটনা ।
এইবাৰ স্বামীৰ টকা লৈ পলায়ন কৰিলে ৬ বছৰীয়া কণ্যা সহ মাতৃ ।
উপায়ন্তৰ হৈ স্বামীয়ে দাখিল কৰিলে এজাহাৰ।

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত লাউঠাৰি গাওঁৰ ৰহিম আলীৰ পত্নী আচমা খাতুন ৬ বছৰীয়া কন্যা সহ নিৰুদ্দেশ হৈ আছে ।
ঘটনাৰ বিবৰণী মতে,যোৱা ৬ তাৰিখে ঘৰৰ পৰা বজাৰ কৰিম বুলি ৬ বছৰীয়া কন্যা ৰেহেনা আখতাৰক লগত লৈ ওলাই গৈছিল পত্নী আচমা খাতুনে কিন্তুু গধূলিলৈকে উভতি নহাত স্বামীয়ে চাৰিওফালে বিছাৰ খোচাৰ কৰে যদিও কোনো সন্ধান নাপায় ।
উপায়ন্তৰ হৈ নিৰুদ্দেশ সন্দৰ্ভত স্বামীয়ে মুকালমুৱা আৰক্ষী থানাত এখন লিখিত এজাহাৰ দাখিল কৰে । আচমা খাতুনে নিৰুদ্দেশ হোৱাৰ সময়ত ঘৰৰ পৰা নগদ ৬০,০০০ হাজাৰ টকাৰ লগতে সোন ,গহনা আৰু মোৱাইল এটা লৈ যায় । স্বামী ৰহিম আলীয়ে পত্নী আৰু একমাত্ৰ কণ্যা ৰেহেনা আখতাৰক বিছাৰি দুখত ভাগি পৰিছে ।কোনোৱা সদাশয় ব্যক্তিয়ে তেওঁৰ পত্নী আৰু ছোৱালী জনীৰ সম্ভেদ পালে 7086250373 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই ।

বৰক্ষেত্ৰীৰ পৰা ৰিপোৰ্ট।।

You May Also Like

More From Author