ডিমাকুছিৰ ৰজাগড়ৰ উদীয়মান যুৱ সমাজকৰ্মী কুলেন নাথৰ পথ দুৰ্ঘটনাত মৃত্যু।
যুৱ সমাজকৰ্মী কুলেন নাথৰ অকাল বিয়োগত বৃহত্তৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰে।
৪ ডিচেম্বৰ :- ওদালগুৰি জিলাৰ বৃহত্তৰ ডিমাকুছি অঞ্চলৰ ৰজাগড়ৰ সৰবৰহী যুৱক , উদীয়মান সমাজ সংগঠক , এগৰাকী যুৱ ব্যৱসায়ী কুলেন নাথৰ আজি এক আকস্মিক পথ দুৰ্ঘটনাত মৃত্যু হয় ৷ ডিমাকুছিৰ ৰজাগড় নিৱাসী স্বৰ্গীয় কৰুণা কান্ত নাথ আৰু দেৱ বালা নাথৰ পুত্ৰ কুলেন নাথৰ মৃত্যুৰ সময়ত বয়স আছিল ৪২ বছৰ ৷ মঙ্গলবাৰে সন্ধিয়া টংলাৰ পৰা মটৰচাইকেলেৰে ডিমাকুছি অভিমুখে ঘৰলৈ আহি থকা সময়ত টংলা-ডিমাকুছি পথৰ চিকাৰীবাংলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু মুখত পৰে অমায়িক যুৱক জন ৷ বৃহত্তৰ অঞ্চলৰ বিভিন্ন সামাজিক অনুস্থান-প্ৰতিষ্ঠান গঢ় দিয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰত আগৰণুৱা কুলেন নাথ মৃত্যুৰ আগমুহুত্বলৈকে ওদালগুৰি জিলাৰ নাথ যোগী সন্মিলনী , শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ , নালাপাৰা যুৱক সংঘ , জাগৃতি যুৱক সংঘকে ধৰি বিভিন্ন অনুষ্ঠানৰ বিভিন্ন দায়িত্বত থকাৰ উপৰি ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ব্লক বিপিএফ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি , বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ ননৈ চেৰফাং মণ্ডলৰ এগৰাকী নিষ্ঠাবান সক্ৰিয় কাৰ্যকৰ্তা হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছিল ৷ ডিমাকুছি , ৰজাগড় , নালাপাৰা , শুক্লাই , বৰঙ্গাজুলি অঞ্চলৰ বিভিন্ন সামাজিক কাম-কাজত সততে নিজকে নিয়োজিত কৰি সমাজ সংস্কাৰৰ অগ্ৰণী সৈনিক দায়িত্ব পালন কৰি অহা কুলেন নাথে মৃত্যুৰ সময়ত তেখেতৰ মাতৃ , পত্নী , পুত্ৰ , বাইদেউ, ভনী , ভাগিন ভতিজাৰ লগতে অসংখ্য গুণমুগ্ধক এৰি যায় । অগ্ৰণী সমাজ সংগঠক কুলেন নাথৰ আকস্মিক বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে-লগে অসংখ্য গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰে ৷ কুলেন নাথৰ মৃত্যু অঞ্চলটোৰ সমাজ জীৱনৰ বাবে অপুৰণীয় ক্ষতি বুলি অভিহিত কৰি কুলেন নাথ অবিহনে কেতিয়াও সমাজ এখন গঢ় দিবলৈ অসম্ভৱ হোৱাৰ দৰে বৃহত্তৰ অঞ্চলৰ বৃহৎ ক্ষতি হোৱা বুলি দুখ প্ৰকাশ কৰে বিটিআৰৰ ইএম তথা কাৰ্যবাহী সদস্য সঞ্জিত তাঁন্তীয়ে । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ ইএম দাওবাইছা বড়ো , ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক জৌশ্ৰাং বড়ো , পানেৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী , বিটিআৰৰ প্ৰাক্তন উপাধ্যক্ষ নেৰশ্বন বড়ো , বিশিষ্ট সমাজকৰ্মী বিজয় বৈশ্য , নাথ যোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়া ফুকন নাথ , বিপিএফৰ ননৈ চেৰফাং মণ্ডল সমিতি , ভাৰতীয় জনতা পাৰ্টী ননৈ চেৰফাং মণ্ডল সমিতি , জাগৃতি সংঘ , ডিমাকুছি ই-মিডিয়া ফ’ৰাম , ডিমাকুছি সাহিত্য সভা , ডিমাকুছি আঞ্চলিক আছু , নিখিল বড়ো ছাত্ৰ সন্থা ডিমাকুছি আঞ্চলিক সমিতি , সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি , সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা , কলিতা জনগোষ্ঠী সন্মিলনী , আক্ৰাছু , গোৰ্খা ছাত্ৰ সন্থা , বঙালী ফেদাৰেশ্বন , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিমাকুছি আঞ্চলিক সমিতি , ৰজাগড় চহৰীয়া চকৰ ব্যৱসায়ী সন্থা , নালাপাৰা চকৰ ব্যৱসায়ী সন্থা , নাথ যোগী সন্মিলনী , ডিমাকুছি প্ৰেছ ক্লাৱ , ৰজাগড় গাৰো সমাজ , ডিমাকুছি যুৱ মঞ্চ , ক্ষুদ্ৰ চাহ ব্যৱসায়ী সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ উপৰিও অগগণ লোকে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।
ভেৰগাঁও ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মন্ডলৰ ৰিপোৰ্ট