নতুন দিল্লী, ১৩ ডিচেম্বৰ ঃ ভাৰতীয় খো খো ফেডাৰেচনে সামগ্ৰিকভাবে ৰাষ্ট্ৰীয় স্তৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত খো খো খেলৰ ব্যাপক প্ৰচাৰৰ বাবে এক দেশজোৰা কাৰ্যসূচী আৰম্ভ কৰিছে৷ সেই অনুসৰি স্প’ৰ্টছ ফৰ অল [এছ এফ এ] ৰ লগত অংশীদাৰিত্বৰে খো খো ফেডাৰেচনে দেশৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়াৰ লগত নতুন প্ৰজন্মক চিনাকি কৰাৰ প্ৰয়াস কৰিছে৷ উল্লেখ্য যে অহা ২০২৫ চনৰ ১৩-১৯ জানুৱাৰীলৈ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ খো খো প্ৰতিযোগিতা৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক ষ্টেডিয়ামত হ’বলগা বিশ্বকাপ সময়তে ফেডাৰেছনৰ এই পদক্ষেপ খো-খোৰ প্ৰসাৰত মাইলৰ খুটিৰূপে চিহ্নিত হৈছে৷
বিগত এমাহ ধৰি চলা এই কাৰ্যসূচীৰ দ্বাৰা হায়দৰাবাদ, বেংগালুৰু, দিল্লী, জয়পুৰকে ধৰি সাতখন চহৰৰ সাত হাজাৰতকৈয়ো অধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সফলতাৰে জড়িত কৰা কাম সম্ভৱ হৈছে৷ বিশ্বকাপৰ প্ৰাকক্ষণত অনাগত সপ্তাহটোত লক্ষ্ণৌ, পুনে আৰু মুম্বাইলৈও এই কাৰ্যসূচী সম্প্ৰসাৰিত কৰা হ’ব৷ সম্প্ৰতি সমগ্ৰ ভাৰতৰ ৩০ খন বিদ্যালয়ত এই কাৰ্যসূচী হোৱাৰ পাছত অহা ১১ জানুৱাৰীৰ ভিতৰত দুশখন বিদ্যালয়ত এই কাৰ্যসূচী সমাপন কৰাৰ লক্ষ্য লোৱা হৈছে৷
‘আমাৰ লক্ষ্য হৈছে খো খোক পৰম্পৰাগত খেলৰ পৰা বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত খেললৈ ৰূপান্তৰিত কৰা৷ খো খো খেলৰ ৰোমাঞ্চ যুৱ প্ৰজন্মৰ মাজত পৰিচয় কৰাই দি আমি কেৱল খেলুৱৈৰ বিকাশ কৰাই নহয়, খেলবিধৰ সুন্দৰ ভবিষ্যতৰ বাবেও এক অভিলাসী সপোন দেখিছো৷’ ভাৰতৰ খো খো ফেডাৰেচনৰ সভাপতি সুধাংশু মিট্টালে এইদৰে কয়৷
ইফালে, উত্তৰণৰ বাবে পদক্ষেপসমূহ বাস্তৱায়িত কৰাৰ বাবে ছ’চাইটি অৱ ডিজিটেল এণ্টাৰপ্ৰেনিউৰছ [এছ অ’ ডি ই]ৰ সহযোগত খো খোৰ ডিজিটেল পঞ্জীয়ন অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় খো খো ফেডাৰেচনৰ সাধাৰণ সম্পাদক এম এছ ত্যাগীয়ে এই বিষয়ে কয় যে ডিজিটেল পঞ্জীয়ন অভিযানটো ভাৰতীয় খো খোৰ বাবে গেমচেঞ্জাৰ হৈ পৰিছে৷ ‘আমি তেলেংগানাৰ পৰা উত্তৰ প্ৰদেশলৈকে সমগ্ৰ ভাৰতৰ সাত হেজাৰৰ অধিক চহৰৰ ১২০০ বিদ্যালয়ত সফলতাৰে কাৰ্যসূচী সম্পন্ন কৰিম৷’ ত্যাগীয়ে কয়
এই পঞ্জীয়ন অভিযানত বিভিন্ন ভৌগোলিক অঞ্চল সামৰি ছয় পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ ইতিমধ্যে দেখা গৈছে৷ ইয়াৰ দ্বাৰা ভাৰতত খো খোৰ ভৱিষ্যত গঢ়ি তোলাৰ দিশতো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে ভাৰতে নিবিদা দিয়াৰ লগে লগে এই সৰু ল’ৰা-ছোৱালীবোৰে বিশ্বব্যাপী খো খোৰ সুন্দৰ ভৱিষ্যত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷