পুনৰ গুৱাহাটীৰ ভাড়াঘৰত যুৱতীৰ ৰহস্যজনক মৃত্যু। ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। তৰুণ নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী। ৰুক্মিনীনগৰত ভাড়াঘৰটো উদ্ধাৰ কৰা হৈছে আন এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।
Case 1:
- মৃত যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়েআৰম্ভ কৰিছে তদন্ত।
- গুৱাহাটী মহানগৰীৰ ভাড়াঘৰত যুৱতীৰ চূড়ান্ত সিদ্ধান্ত।
- তৰুণ নগৰত চূড়ান্ত সিদ্ধান্ত এগৰাকী যুৱতীৰ।
- ভাড়াঘৰতে চূড়ান্ত সিদ্ধান্ত বাচি লয় প্ৰতীক্ষা শৰ্মা নামৰ যুৱতীগৰাকীয়ে।
- মৃত যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Case 2:
- বুধবাৰে নিশাৰে পৰা বিপ্লৱীৰ ম’বাইল বন্ধ আছিল। বৃহস্পতিবাৰে নিশা প্ৰায় ১০:৩০ বজাত ঘৰৰ স্বত্বাধিকাৰী মহিলাই কেইবাবাৰো মাত দিছিল যদিও সঁহাৰি দিয়া নাছিল বিপ্লৱীয়ে। পৰৱৰ্তী সময়ত ঘৰৰ গৰাকীয়ে দুৱাৰত হেচুকি দিওতে খোল খায় দুৱাৰখন।
- গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ। এইবাৰ স্থানঃ ৰুক্মিণীগাঁও ৰংগমঞ্চ পথৰ হাউছ নং ৮ত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। বিছনাত শুই থকা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ।
- মৃত যুৱতীগৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ। ডেৰমাহ পূৰ্বে ৰুক্মিণীগাঁৱত ভাৰাঘৰ লৈছিল বিপ্লৱীয়ে। LAKME কোম্পানীত চাকৰি কৰাৰ উপৰিও গুৱাহাটীত অধ্যয়ন কৰি আছিল বিপ্লৱী নাথে।
- বুধবাৰে নিশাৰে পৰা বিপ্লৱীৰ ম’বাইল বন্ধ আছিল। বৃহস্পতিবাৰে নিশা প্ৰায় ১০:৩০ বজাত ঘৰৰ স্বত্বাধিকাৰী মহিলাই কেইবাবাৰো মাত দিছিল যদিও সঁহাৰি দিয়া নাছিল বিপ্লৱীয়ে। পৰৱৰ্তী সময়ত ঘৰৰ গৰাকীয়ে দুৱাৰত হেচুকি দিওতে খোল খায় দুৱাৰখন।
- কোঠাৰ ভিতৰত কম্বল লৈ শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱতীগৰাকীক। কিন্তু কেইবাবাৰো মাত নিদিয়াত সন্দেহ হোৱাত নিশাই আৰক্ষীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভালদৰে নিৰীক্ষণ কৰাতহে পোহৰলৈ আহে বিপ্লৱীৰ মৃত্যুৰ কথা।
- চাৰি, পাঁচদিন পূৰ্বেই বিপ্লৱী নাথৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ। অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ। ইফালে আজি অৰ্থাৎ শুকুৰবাৰে বিপ্লৱীৰ নাথৰ পিতৃ আৰু বায়েক গুৱাহাটীলৈ অহাৰ কথাই আছিল।
- ভাৰাঘৰৰ চুক্তিৰ বাবে পৰিয়ালৰ লোকক মাতি পঠাইছিল বিপ্লৱীয়ে। কিন্তু পৰিয়ালৰ লোক আহি পোৱাৰ পূৰ্বে উদ্ধাৰ হ’ল বিপ্লৱীৰ নিথৰ দেহ। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হে পোহৰলৈ আহিব বিপ্লৱী নাথৰ মৃত্যুৰ ৰহস্য।