নিজৰ বিলাসী বাহনৰ পৰিৱৰ্তে কিয় অ’টোত হাস্পতাললৈ গৈছিল ছৈইফ?

1 min read

বৃহস্পতিবাৰে পুৱতি নিশা ছৈইফ আলী খানৰ ঘৰত এজন দুৰ্বৃত্ত প্ৰৱেশ কৰি অভিনেতাগৰাকীক ছুৰিকাঘাত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছৈইফৰ দৰে এগৰাকী চেলিব্ৰিটিৰ ঘৰত এজন বহিৰাগত প্ৰৱেশক লৈ যিদৰে চাঞ্চল্যৰ সৃষ্টি হৈছিল, সেইদৰে আহত ছৈইফক গাড়ীৰ সলনি অ’টোৰে চিকিৎসালয়লৈ লৈ যোৱাৰ ঘটনাটোৱেও বহুতকে আচৰিত কৰি তুলিছিল। বৃহস্পতিবাৰে পুৱতি নিশা তেজেৰে লুতুৰি পুতুৰি ছৈইফক চিকিৎসালয়লৈ লৈ যোৱা অ’টো চালক ভজন সিং ৰাণাৰ সন্ধান পোৱা গৈছে।

অ’টো চালকজনে কয় যে তেওঁ প্ৰথমে গম পোৱা নাছিল যে ছৈইফ আলী খান আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁৰ অ’টোত বহি আছিল। অৱশেষত চিকিৎসালয় গৈ পোৱাৰ লগে লগে ছৈইফে নিজৰ পৰিচয় দিয়াৰ পিছতহে অভিনেতাজনক চিনি পাবলৈ সক্ষম হয়। একে সময়তে ভজনে কয় যে সেই পৰিস্থিতিত তেওঁ ছৈইফৰ পৰা অটো ভাড়াও লোৱা নাছিল। অৱশ্যে ভজন আনন্দিত হৈ পৰে যে ছৈইফৰ দৰে এগৰাকী তাৰকাক বিপদৰ মুহূৰ্তত সহায় কৰিবলৈ সক্ষম হৈছিল।

শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অ’টো চালকজনে কয় যে, “মই ৰাতি অ’টো চলাই থাকোঁতে হঠাতে এগৰাকী মহিলাই পথৰ কাষত থকা এটা ঘৰৰ গেট খুলি মোক ৰ’বলৈ চিঞৰিছিল। তেওঁ কয় যে এজন আহত ব্যক্তিক চিকিৎসালয়লৈ নিবলগীয়া আছে। অলপ পিছত দেখিলো এজন ব্যক্তি মোৰ অটোৰ ফালে খোজ কাঢ়ি গৈ আছে। যদিও সেই সময়ত তেওঁক চিনি পোৱা নাছিলোঁ। তেওঁ নিজেই অটোখনত উঠিল। তেওঁৰ লগত আছিল আন এজন যুৱক (সম্ভৱতঃ ছৈইফৰ পুত্ৰ ইব্ৰাহিম) আৰু এটা শিশু। অটোখনত উঠি তেওঁ মোক কেৱল সুধিলে যে হাস্পতাল পাবলৈ কিমান সময় লাগিব। মই কৈছিলো যে আঠৰ পৰা দহ মিনিটৰ পিছত আমি তাত উপস্থিত হ’ম।”

ভজনে কয় যে ছৈইফৰ পিঠিৰ পৰাও তেজ বৈ যোৱা দেখিছিল তেওঁ। ছৈইফৰ বগা চাৰ্টটোৰ পিছফালে টোপ টোপকৈ তেজ পৰি আছিল। ছৈইফৰ ডিঙিৰ সোঁফালৰ পৰাও তেজ বৈ আছিল। প্ৰথমতে ভজনে ভাবিলে হয়তো এই ঘটনা আন দহটা ঘটনাৰ দৰেই মুম্বাইত সহজলভ্য এক ঘটনা আছিল। অৱশ্যে অটো চালকজনে কয় যে গোটেই যাত্ৰাটোত ছৈইফ স্বাভাৱিক আছিল। লীলাৱতী হাস্পতাল পোৱাৰ লগে লগে অটোখন পোনে পোনে জৰুৰীকালীন বিভাগৰ সন্মুখত ৰখাই দিলে। তাৰ পিছত ছৈইফ আলী খানে নিজেই অটোৰ পৰা নামি চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ লগত চিনাকি কৰাই দিলে, তৎক্ষণাত চিকিৎসা আৰম্ভ কৰিবলৈ অনুৰোধ কৰিলে। তেতিয়াহে ভজন সিঙে ছৈইফক চিনি পায়। অৱশ্যে দুই-তিনি মিনিট অপেক্ষা কৰি ঘূৰি আহি চিকিৎসালয়ৰ পৰা ওলাই আহিল ভজন।

ভজনৰ মতে, ছৈইফৰ পিঠিৰ পৰা ইমানেই তেজ ওলাইছিল যে তেওঁৰ গাড়ীৰ চিটত তেজেৰে দাগ পৰিছিল। পিছত ভজনে সেইবোৰ চাফা কৰি পেলাইছিল। ভজনৰ ভাষাত, “মই সিহঁতৰ পৰা ভাড়াও লোৱা নাছিলো।’ তেওঁলোকৰ প্ৰয়োজনৰ সময়ত মই তেওঁলোকক সহায় কৰিবলৈ সক্ষম হৈছিলো বুলি ভাবি ভাল লাগে।” চিকিৎসকে জনোৱা মতে, ছাইফ এতিয়া বিপদৰ পৰা মুক্ত হৈ সুস্থ আৰু স্বাভাৱিক হৈ পৰিছে। দুদিনমানৰ পিছত চাগে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ব। অৱশ্যে কিছুদিন খোজ কাঢ়িব নোৱাৰিব।

You May Also Like

More From Author