সৰস্বতী পূজাৰ দিনা জাগীৰোডত এক অঘটন সংঘটিত হৈছে। নিজ ঘৰতে ডিঙিত চিপ লৈ আত্মহত্যা একাদশ শ্রেণীৰ এগৰাকী ছাত্ৰীৰ। বয়স হৈছিল প্রায় ১৭ বছব।
ছাত্ৰীগৰাকীৰ নাম সুস্থা দেৱনাখ। জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ ছাত্ৰী আছিল সুস্থা।
আত্মহত্যাৰ খবৰ পোৱাৰ মাত্রকেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ।
আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে।
প্রাথমিক পর্যায়ত প্রেমজনিত কাৰণতে সুম্মা দেৱনাথে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে।
জাগীৰোডৰ কৰণ শর্মা নামৰ এজন যুৱকৰ সৈতে আছিল সুখাৰ প্ৰেমৰ সম্পৰ্ক।
আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দ্বাৰা তদন্ত অব্যাহত আছে।
সুম্মাক অকালতে চিৰদিনলৈ হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল।
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
